
ৱাশ্বিংটন, ০৫ নৱেম্বৰ (হি.স.): ভাৰ্জিনিয়াৰ প্ৰথমগৰাকী মহিলা গৱৰ্ণৰ হ’ব ডেম’ক্ৰেট এবিগেল স্পেনবাৰ্গাৰ। ৰিপাব্লিকান উইনছম আৰ্ল-ছিয়াৰ্ছৰ সৈতে ঘনিষ্ঠ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হৈ আনুষ্ঠানিকভাৱে নিৰ্বাচনত জয়লাভ কৰিছে এবিগেলে। স্পেনবাৰ্গাৰৰ এই জয় ভাৰ্জিনিয়াৰ ৰাজনৈতিক ইতিহাসৰ এক উল্লেখযোগ্য মুহূৰ্ত। এই নিৰ্বাচনক ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনৰ গণভোট হিচাপে দেখা গৈছে।
ৱাশ্বিংটন পোষ্ট আৰু দ্য হিলে এই তথ্য প্ৰকাশ কৰিছে। খবৰ অনুসৰি ভাৰ্জিনিয়াৰ গৱৰ্ণৰ নিৰ্বাচনত আনুষ্ঠানিকভাৱে স্পেনবাৰ্গাৰে জয়লাভ কৰে। মঙলবাৰে সন্ধিয়া ভাৰ্জিনিয়াৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহ বন্ধ হৈ পৰে আৰু তাৰ পিছত ভোট গণনা আৰম্ভ হয়। নিৰ্বাচনৰ এদিন পূৰ্বে দুয়োটা দলে নিজৰ নিজৰ প্ৰাৰ্থীৰ সমৰ্থনত যথেষ্ট শক্তি প্ৰয়োগ কৰিছিল। স্পেনবাৰ্গাৰ আৰু অন্যান্য ডেম’ক্ৰেটসকলক সমৰ্থন কৰিবলৈ নৰ্ফকত উপস্থিত হৈছিল প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামা।
সোমবাৰে নিশা ৰাজ্যখনৰ ৰিপাব্লিকান সমৰ্থকসকলৰ সৈতেও ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে টেলিফোনিক বাৰ্তালাপ কৰে। ৰিপাব্লিকান প্ৰাৰ্থীক সমৰ্থন কৰিবলৈ সকলোকে আহ্বান জনায়। সোমবাৰে উইলিয়ামছবাৰ্গত কৰ্মীসকলৰ আগত ডেম’ক্ৰেটিক নেশ্যনেল কমিটীৰ অধ্যক্ষ কেন মাৰ্টিনে কয় যে আমি জয়ী হ’ম কাৰণ আমাৰ এনে মহান প্ৰাৰ্থী আছে যিয়ে জনসাধাৰণৰ বাবে গুৰুত্বপূৰ্ণ বিষয়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছে।
চিআইএৰ প্ৰাক্তন বিষয়া তথা আমেৰিকাৰ কংগ্ৰেছী স্পেনবাৰ্গাৰে শিক্ষা, অৰ্থনীতি, গণতন্ত্ৰৰ প্ৰতিৰক্ষা আদি বিষয়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। দ্য নিউয়ৰ্ক টাইমছৰ মতে, ৰিচমণ্ডত দিয়া বিজয়ী ভাষণত স্পেনবাৰ্গাৰে কয় যে ভাৰ্জিনিয়াই পক্ষপাতিত্বৰ সলনি প্ৰাগমেটিজম আৰু অৰাজকতাৰ সলনি নাগৰিক সমাজক বাছি লৈছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ
