ইছলামাবাদ, ৩১ জুলাই (হি.স.)। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ স্বাধীনতা সংগ্ৰামৰ লগত জড়িত সশস্ত্ৰ সংগঠনৰ সমন্বয়ক সংগঠন বেলুচ ৰাজী আজোই সংগৰ চমুকে বিআৰএএছ বা ব্ৰাছে জামুৰাণ অঞ্চলত পাকিস্তানৰ সামৰিক বাহিনী আৰু ৰচদপাতি যোগান ধৰা বাহনসমূহক আক্ৰমণ কৰা বুলি দাবী কৰিছে। ব্ৰাছৰ মুখপাত্ৰ বেলুচ খানে স্বীকাৰ কৰে যে এই আক্ৰমণ ইয়াৰ যোদ্ধাসকলে সংঘটিত কৰিছে। যোদ্ধাসকলে নিহত কৰে কেইবাজনো নিৰাপত্তা বাহিনীৰ জোৱান।
দ্য বেলুচিস্তান পোষ্টৰ তথ্য অনুসৰি ব্ৰাছৰ মুখপাত্ৰ বেলুচ খানে যোৱা ৩০ জুলাইত প্ৰকাশ কৰা এক বিবৃতিত এই দাবী কৰে। মুখপাত্ৰ খানে কয় যে ২৮ জুলাইৰ নিশা জামুৰাণৰ নাভানোৰ ওচৰত পাকিস্তান সেনাৰ বাবে ৰচদপাতি কঢ়িয়াই অনা বাহনসমূহ সংস্থাটোৰ যোদ্ধাসকলে ৰখাই জুই জ্বলাই চালকসকলক সকীয়াই দিয়াৰ পিছত মুকলি কৰি দিয়ে।
বিবৃতিটোত কোৱা হৈছে যে ব্ৰাছৰ যোদ্ধা সকলে নিশাটো অঞ্চলটোত থাকি ২৯ জুলাইত দ্বিতীয়টো আক্ৰমণ চলাইছিল।পাকিস্তান সেনাৰ বাহন আৰু মটৰ চাইকেলৰ কনভয় এটাক ৰিম’ট কণ্ট্ৰ’ল কৰা ইম্প্ৰভাইজড বিস্ফোৰক যন্ত্ৰ ব্যৱহাৰ কৰি আক্ৰমণ কৰা বুলি অভিযোগ উঠিছে। ইয়াৰ পিছতে স্বয়ংক্ৰিয় অস্ত্ৰৰ পৰা গুলীচালনা কৰা হয়। ব্ৰাছে দাবী কৰিছে যে এই আক্ৰমণত ৫ জন সেনা জোৱান নিহত হোৱাৰ লগতে বহু লোক আহত হৈছে।
ব্ৰাছে যমুৰাণৰ একাংশ স্থানীয় বাসিন্দাই সেনাক সহায় কৰাৰ অভিযোগ উত্থাপন কৰিছে। গোটটোৱে মানুহক এনে নকৰিবলৈ সকীয়াই দিছে, নহ’লে গুৰুতৰ পৰিণতিৰ সন্মুখীন হ’ব লাগিব। সেইসকল লোকেই এই সময়ছোৱাত জীৱন আৰু সম্পত্তিৰ ক্ষতিৰ বাবে দায়ী হ’ব। বিবৃতিটোত ব্ৰাছে বেলুচিস্তান মুক্তি নোপোৱালৈকে পাকিস্তান সেনা আৰু মিত্ৰশক্তিৰ বিৰুদ্ধে সশস্ত্ৰ প্ৰতিৰোধ অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
