ইছলামাবাদ, ১২ আগষ্ট (হিি.স.)। পাকিস্তানৰ বেলুচিস্তানৰ গ্ৱাদাৰ চহৰত দেওবাৰে নিশা ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আই ই ডি) বিস্ফোৰণত নিহত হয় পাকিস্তান সেনাৰ ৬ জন জোৱান। গ্ৱাদাৰ চহৰৰ নিউ টাউন এলেকাত সংঘটিত হয় এই আই ই ডি আক্ৰমণ। অজ্ঞাত আক্ৰমণকাৰীয়ে পাকিস্তান সেনা দলৰ এখন বাহনক লক্ষ্য কৰি সংঘটিত কৰে এই বিস্ফোৰণ। স্থানীয় সূত্ৰই জনোৱা মতে, বিস্ফোৰণত গাড়ীখন সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ লগতে সোমবাৰে পুৱা প্ৰায় ১০ বজাত স্থানৰ পৰা অৱশিষ্টসমূহ আঁতৰাই পেলোৱা হয়।
দি বেলুচিস্তান পোষ্টে এই কাণ্ডৰ সবিশেষ প্ৰকাশ কৰাৰ সময়তে বাতৰিত কয় যে পাকিস্তানী বিষয়াসকলে এই আক্ৰমণ সন্দৰ্ভত কোনো বিবৃতি প্ৰকাশ কৰা নাই, আনহাতে আক্ৰমণৰ পিছৰে পৰা নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰি ৰাখিছে। আনহাতে, কেচ জিলাৰ মাণ্ড অঞ্চলত একেলগে মাহীৰ আৰু ছ’ৰোৰ সামৰিক শিবিৰত অস্ত্ৰধাৰী লোকে আক্ৰমণ কৰে। স্থানীয় সূত্ৰই জনোৱা মতে, এই সময়ছোৱাত প্ৰচণ্ড গুলীচালনা আৰু একেলগে কেইবাটাও বিস্ফোৰণ সংঘটিত হয়।
ইয়াৰ পূৰ্বে আৱৰণৰ ঝাও অঞ্চলত অস্ত্ৰধাৰী লোকে আক্ৰমণ কৰি মূল পথত অৱস্থিত লেভিছ পোষ্ট এটা দখল কৰে। এই সময়ত ষ্টাফৰ সকলো অস্ত্ৰ-শস্ত্ৰ কাঢ়ি লৈ পোষ্টটোত জুই লগাই দিয়া হয়। কাষৰীয়া ঝাও নোণ্ড্ৰাত আন এটা পাকিস্তানী সামৰিক চকী আক্ৰমণ কৰা হয়, য’ত আক্ৰমণকাৰীয়ে আক্ৰমণৰ সময়ত এখন কোৱাডকপ্টাৰ গুলীয়াই পেলোৱা বুলি জানিব পৰা গৈছে।
সোমবাৰে নিশা ৱাশ্বুক জিলাৰ বাছিমাৰ কেন্দ্ৰীয় সামৰিক শিবিৰৰ সমীপত আধা ঘণ্টাৰো অধিক সময় ধৰি অবিৰত গুলীচালনা আৰু বিস্ফোৰণৰ শব্দ শুনা যায়। ওচৰৰ বাসিন্দাসকলে জনোৱা মতে, ১৪টাতকৈও অধিক বিস্ফোৰণৰ শব্দ অবিৰতভাৱে শুনা গৈছে। হতাহতৰ সংখ্যা এতিয়াও স্পষ্ট হোৱা নাই।
খুজদাৰ জিলাৰ জেহৰি অঞ্চলৰ বুলবুল, তৰাছানী আৰু গজানত চলি আছে সামৰিক অভিযান। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, অভিযানৰ সময়ত কেইবাটাও স্থানত অস্ত্ৰধাৰী লোক আৰু পাকিস্তান সেনাৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। এই সময়ত সামৰিক হেলিকপ্টাৰে অঞ্চলটোৰ ওপৰেৰে টহল দি আছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
