ইছলামাবাদ, ০৪ আগষ্ট (হি.স.)। পাকিস্তানৰ পৰা স্বাধীনতা দাবী কৰা প্ৰদেশ বেলুচিস্তানত ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰাৰ বাবে এজন নাবালক ছাত্ৰই ‘সন্ত্রাসবাদ’ৰ গোচৰৰ সন্মুখীন হৈছে৷ প্ৰদেশখনৰ কেচ জিলাৰ তুৰবাট অঞ্চলৰ এই ৰোগীজন। বৰ্তমান তুৰবাটৰ সন্ত্ৰাসবাদ বিৰোধী আদালতে শনিবাৰে এই নাবালক ছাত্ৰজনক জামিন প্ৰদান কৰে।
এই ঘটনা সন্দৰ্ভত আজি বেলুচিস্তান পোষ্টে সম্প্ৰচাৰ কৰিছে এই খবৰ। এই খবৰ অনুসৰি ছ’চিয়েল মিডিয়াত এজন মানৱ অধিকাৰ কৰ্মীৰ ভাষণ শ্বেয়াৰ কৰাৰ অভিযোগত এই নাবালক ছাত্ৰজনৰ বিৰুদ্ধে সন্ত্ৰাসবাদ বিৰোধী বিভাগৰ (চিটিডি) মাক্ৰনে “সন্ত্ৰাসবাদ”ৰ গোচৰ ৰুজু কৰিছিল। আদালতৰ নথি অনুসৰি চিটিডিয়ে তুৰবাটৰ আবছাৰ অঞ্চলৰ বাসিন্দা সোহাইব খালিদৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। অভিযোগ অনুসৰি তেওঁ নাগৰিক সমাজৰ সদস্য গুলজাৰ দোষ্টৰ ভাষণৰ ভিডিঅ’ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম টিক টকত শ্বেয়াৰ কৰিছিল। উল্লেখযোগ্য যে গুলজাৰ দোষ্ট পাকিস্তানৰ সন্ত্ৰাসবাদ বিৰোধী আইনৰ চতুৰ্থ অনুসূচীৰ অধীনত তালিকাভুক্ত হৈছে।
নাবালক ছাত্ৰ সোহাইব খালিদৰ অধিবক্তা জাদন দষ্টীয়ে কয় যে চলিত সপ্তাহৰ আৰম্ভণিতে চিটিডিয়ে তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰাৰ পিছতে ল’ৰাটোৰ পিতৃয়ে নিজৰ পুত্ৰক আদালতত হাজিৰ কৰিবলৈ বাধ্য হৈছিল। দষ্টীয়ে যুক্তি দিছিল যে অভিযোগসমূহ “ভিত্তিহীন আৰু অসামঞ্জস্যপূৰ্ণ”। তেওঁ কয় যে সোহাইবে “তেওঁ শ্বেয়াৰ কৰা ভিডিঅ’টোৰ আইনী প্ৰভাৱৰ বিষয়ে কোনো ধাৰণা নাছিল।”
এই কাণ্ডক মানৱ অধিকাৰ সংগঠনসমূহে তীব্ৰ সমালোচনা কৰি কয় যে নাবালকক “সন্ত্ৰাসবাদ”ৰ অভিযোগত গোচৰ চলোৱাটো “শিশুৰ অধিকাৰ আৰু যথাযথ প্ৰক্ৰিয়াৰ গুৰুতৰ উলংঘা”। পাকিস্তানৰ মানৱ অধিকাৰ আয়োগে কয় যে ছ’চিয়েল মিডিয়াত এজন মানৱ অধিকাৰ কৰ্মীৰ ভাষণ শ্বেয়াৰ কৰাৰ অভিযোগত তুৰবাটৰ সন্ত্ৰাসবাদ বিৰোধী আদালতত এজন নাবালকক ‘সন্ত্রাসবাদ’ৰ অভিযোগত বিচাৰ চলোৱাৰ বাতৰিয়ে তেওঁলোকক স্তম্ভিত কৰি তুলিছে।
এইচ আৰ চি পিয়ে কয় যে “এই ধৰণে সন্ত্ৰাসবাদ বিৰোধী আইনসমূহৰ অপব্যৱহাৰে শিশুৰ অধিকাৰ আৰু যথাযথ প্ৰক্ৰিয়াৰ গুৰুতৰ উলংঘাক প্ৰতিনিধিত্ব কৰে।” আয়োগে “অনতিপলমে অভিযোগ প্ৰত্যাহাৰ, এফআইআৰৰ পুংখানুপুংখ পৰ্যালোচনা আৰু এই বিপজ্জনক ধাৰাটোৰ বাবে দায়বদ্ধ বিষয়াসকলৰ জবাবদিহিতা”ৰ দাবী জনাইছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
