
গুৱেটামালা চহৰ, ২৮ ডিচেম্বৰ (হি.স.)। পশ্চিম গুৱেটামালাৰ আন্তঃআমেৰিকান ঘাইপথত শনিবাৰে সংঘটিত হোৱা এক মৰ্মান্তিক পথ দুৰ্ঘটনাত ১৫ জন লোক নিহত হোৱাৰ লগতে ১৯ জন আহত হয়। বিষয়াসকলৰ মতে, এখন যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰি ঘটনাস্থলীত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়।
স্থানীয় অগ্নিনিৰ্বাপক বাহিনীৰ মুখপাত্ৰ লিয়াণ্ড্ৰ’ আমাডোৱে জনোৱা মতে, নিহতসকলৰ ভিতৰত ১১ জন পুৰুষ, তিনিগৰাকী মহিলা আৰু এজন নাবালক আছে। দুৰ্ঘটনাটোৰ পিছতে উদ্ধাৰকাৰী দলে আহতসকলক ওচৰৰ চিকিৎসালয়লৈ লৈ যায়, য’ত কেইবাজনো লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
এই দুৰ্ঘটনা সোলোলা বিভাগত ১৭২ৰ পৰা ১৭৪ কিলোমিটাৰৰ ভিতৰত সংঘটিত হয় । এই অঞ্চলটো ঘন কুঁৱলীৰ বাবে পৰিচিত, যাৰ ফলত দৃশ্যমানতা যথেষ্ট হ্ৰাস পায় আৰু দুৰ্ঘটনাৰ সম্ভাৱনাও বৃদ্ধি পায়। প্ৰাথমিক তথ্য অনুসৰি দৃশ্যমানতা আৰু পথৰ অৱস্থাৰ দুৰ্বলতাই হয়তো এই দুৰ্ঘটনাত অৰিহণা যোগাইছে।
অগ্নিনিৰ্বাপক বাহিনীয়ে শ্বেয়াৰ কৰা ফটোত দেখা গৈছে যে ক্ষতিগ্ৰস্ত বাছখন খাৱৈত আছে, আনহাতে উদ্ধাৰকাৰীয়ে যাত্ৰীক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰা দেখা গৈছে। ঘটনা সন্দৰ্ভত কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰি দুৰ্ঘটনাৰ সঠিক কাৰণ নিৰ্ণয় কৰিবলৈ চেষ্টা চলাইছে।
—————
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
