ঢাকা (বাংলাদেশ), ১৬ ছেপ্টেম্বৰ (হি.স.)। নৱৰাত্ৰি আৰু দুৰ্গা পূজাৰ পূৰ্বে হিন্দু মন্দিৰ লণ্ড ভণ্ড কৰাৰ ঘটনাত আতংকিত হৈ পৰিছে বাংলাদেশৰ সংখ্যালঘু জনগোষ্ঠী। জানিব পৰা মতে, দেওবাৰে নিশা কুষ্টিয়াৰ মিৰপুৰ মহকুমাত অৱস্থিত স্বৰূপদহ পালপাৰা শ্ৰীশ্ৰী ৰাখক কালি মন্দিৰত দুষ্কৃতিকাৰীয়ে দুটা মূৰ্তি ভাঙি লণ্ডভণ্ড কৰে। দুষ্কৃতিকাৰীয়ে লণ্ডভণ্ড কৰাৰ লগতে লৈ যায় চিচিটিভি আৰু এখন মেম’ৰী কাৰ্ড।
দ্য ডেইলী ষ্টাৰ কাকতৰ বাতৰি অনুসৰি মিৰপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মমিনুল ইছলামে দেওবাৰে নিশা ৮:০০ বজাৰ পৰা ৮:৩০ বজাৰ ভিতৰত এই ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে। এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই আৰু কোনো অভিযোগো দাখিল কৰা হোৱা নাই। ঘটনাৰ তদন্ত অব্যাহত আছে।
মন্দিৰ সমিতিৰ প্ৰাক্তন সম্পাদক বাদল কুমাৰ দেয়ে কয় যে আমি ইয়াত যোৱা তিনি বছৰ ধৰি দুৰ্গা পূজাৰ আয়োজন কৰি আহিছো। দুৰ্গা পূজাৰ আগৰ এই ঘটনাৰ বাবে সকলো আতংকিত হৈ পৰিছে। মন্দিৰৰ নিৰাপত্তাৰক্ষীৰ কেমেৰা আৰু মেম’ৰী কাৰ্ড লুটি নিলে দুস্কৃতিকাৰীয়ে। সোমবাৰে কুষ্টিয়াৰ উপ আয়ুক্ত আবু হাছনাত মহম্মদ আৰাফিনে সেই স্থান পৰিদৰ্শন কৰি তদন্তৰ অন্তত উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কয়।
মন্দিৰত বৰ্তমানৰ নিৰাপত্তা ব্যৱস্থাৰ বিষয়ে সোধাত আৰাফিনে কয় যে নতুন কেমেৰা স্থাপন কৰা হৈছে। বৰ্তমান পৰিস্থিতি স্বাভাৱিক বুলিও তেওঁ কয়। মন্দিৰ সমিতিৰ সম্পাদক শ্ৰীভাষ কুমাৰ দেয়ে কয় যে তেওঁলোকে কুষ্টিয়া আৰক্ষী অধীক্ষকৰ সৈতে এই বিষয়ে আলোচনা কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
