ঢাকা, ১৯ জুন (হি.স.)। বাংলাদেশত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰীৰ এটা বৃহৎ দলে দুজন আৰক্ষী বিষয়াক গুলীয়াই হত্যা কৰে। দুয়োজন আৰক্ষী বিষয়াক সংকটজনক অৱস্থাত ঢাকা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। এই দুয়োজন বিষয়া ঢাকা মহানগৰ আৰক্ষীৰ ডিটেক্টিভ ব্ৰাঞ্চ (ডি বি)ৰ সদস্য।
ঢাকা ট্ৰিবিউন কাকতৰ খবৰ অনুসৰি এই দুয়োজন বিষয়া পল্টন থানা এলেকাত ড্ৰাগছ বিৰোধী অভিযানৰ সৈতে জড়িত আছিল। নিশা অভিযানৰ সময়ত দুয়োকে ড্ৰাগছ ব্যৱসায়ীয়ে গুলীয়াই হত্যা কৰে। গুলীত আহত সহকাৰী উপ পৰিদৰ্শক আতিক হাছান আৰু কনিষ্টবল ছুজনক সংকটজনক অৱস্থাত ঢাকা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। এই কথা নিশ্চিত কৰিছে মেডিকেল কলেজ পুলিচ আউটপোষ্টৰ এছ আই মহম্মদ মাছুদে।
আৰক্ষী সূত্ৰৰ মতে, পল্টন থানাৰ অন্তৰ্গত অঞ্চলটোৰ পথৰ সিটো পাৰে অৱস্থিত কেন্দ্ৰীয় আৰক্ষী চিকিৎসালয়ৰ সমীপত এই ঘটনা সংঘটিত হৈছে। লালবাগ সংমণ্ডলৰ জ্যেষ্ঠ সহকাৰী আৰক্ষী অধীক্ষক ইনায়ত কবীৰৰ নেতৃত্বত এই অভিযান। দলটোৱে এখন গাড়ী ৰখাবলৈ ইংগিত দিলে। আৰক্ষী বিষয়াৰ ওপৰত গুলীচালনা কৰে।
আহত বিষয়াসকলক প্ৰথমে কেন্দ্ৰীয় আৰক্ষী চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাৰ পিছত তাৰ পৰা চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হয়। দুয়োকে আই চি ইউত ভৰ্তি কৰা হৈছে। আতিক হাছানৰ পেটত গুলী লাগিছে। তেওঁৰ অৱস্থা সংকটজনক। সুজোনৰ বাওঁ ভৰিত গুলী লাগিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
