নতুন দিল্লী, ২৮ জুন (হি.স.)। পাকিস্তানৰ উত্তৰ-পশ্চিম খাইবাৰ পখতুনখোৱা প্ৰদেশত শনিবাৰে সংঘটিত হোৱা আত্মঘাতী বোমা বিস্ফোৰণত কেইবাজনো পাকিস্তানী সেনা জোৱানসহ ১৩ জন লোক নিহত হোৱাৰ লগতে ২৯ জন আহত হয়। বিয়লিৰ ভাগত আত্মঘাতী বোমাৰুৱে বিস্ফোৰক ভৰ্তি বাহন এখন সেনাৰ কনভয়ত খুন্দা মাৰে। সংবাদ সংস্থা ছিনহুয়াৰ মতে, শনিবাৰে বিয়লি উত্তৰ-পশ্চিম খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ উত্তৰ ৱাজিৰিষ্টান জিলাত সংঘটিত হয় এই আক্ৰমণ। স্থানীয় আৰক্ষীয়ে এই আক্ৰমণৰ তদন্ত অব্যাহত ৰাখিছে।
পাকিস্তানৰ আৰব নিউজৰ তথ্য অনুসৰি এই আক্ৰমণত নিহতসকলৰ ভিতৰত ১৩জন সামৰিক জোৱানও আছে। এই বিস্ফোৰণত ১০ জন সামৰিক জোৱান আৰু ১৯ জন সাধাৰণ নাগৰিক আহত হয়। স্থানীয় আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰু ইয়াৰ আশে-পাশে ঘেৰি ৰখা হৈছে। বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে ইয়াৰ প্ৰভাৱৰ বাবে দুটা ঘৰৰ চালও ভাঙি যায়, যাৰ ফলত ছয়টা শিশু আহত হয়। আহতসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও চাৰিজন জোৱানৰ অৱস্থা সংকটজনক হৈ আছে।
উল্লেখযোগ্য যে এই অঞ্চলতো ইয়াৰ পূৰ্বেও সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত হৈ আহিছে। এই ক্ষেত্ৰত তেহৰিক-ই-তালিবান পাকিস্তানৰ দৰে বহু সন্ত্ৰাসবাদী সংগঠন সক্ৰিয় হৈ আছে। উত্তৰ ৱাজিৰস্তান দীৰ্ঘদিন ধৰি সন্ত্ৰাসবাদী কাৰ্যকলাপৰ কেন্দ্ৰবিন্দু হৈ আহিছে আৰু সেনাই ইয়াত বহুবাৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান চলাই আহিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
