কুৱেটা (বেলুচিস্তান) পাকিস্তান, ২৯ আগষ্ট (হি.স.)। বেলুচিস্তানৰ পাঞ্জগুৰ আৰু কাছি জিলাত এটা সশস্ত্ৰ সংগঠনে বৃহস্পতিবাৰে পাকিস্তানৰ নিৰাপত্তা বাহিনীক লক্ষ্য কৰি বোমা বিস্ফোৰণ সংঘটিত কৰে। এই আক্ৰমণত চুবেদাৰকে ধৰি কেইবাজনো নিৰাপত্তাৰক্ষী নিহত হয়। এই পৰ্যন্ত কোনেও এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই। নতুবা দুয়োখন জিলাতে এই আক্ৰমণ সন্দৰ্ভত কোনো বিবৃতি প্ৰকাশ কৰা নাই পাকিস্তানী বিষয়াসকলে।
আজিৰ দ্য বেলুচিস্তান পোষ্টত প্ৰকাশিত বাতৰি অনুসৰি কাছি জিলাৰ কলপুৰ অঞ্চলত ৰে’লপথ পৰিষ্কাৰ কৰাৰ সময়ত পাকিস্তানী নিৰাপত্তা বাহিনীৰ এটা দলক ইম্প্ৰভাইজড বিস্ফোৰক যন্ত্ৰ (আই ই ডি)ৰে আক্ৰমণ কৰে। একেটা অঞ্চলতে আন এক আক্ৰমণত এখন নিৰাপত্তাৰক্ষীৰ বাহনক লক্ষ্য কৰি লোৱাৰ খবৰ পোৱা গৈছে।
ইয়াৰ উপৰিও পাঞ্জগুৰ জিলাৰ পৰম অঞ্চলৰ এটা পোষ্টৰ পৰা ওলাই অহা নিৰাপত্তাৰক্ষীৰ এখন বাহনক লক্ষ্য কৰি আই ই ডি বিস্ফোৰণ সংঘটিত হয়। স্থানীয় সূত্ৰই জনোৱা মতে, এই বিস্ফোৰণত চুবেদাৰ আব্দুল ৰজাককে ধৰি কেইবাজনো নিৰাপত্তাৰক্ষী নিহত হয়।
ইয়াৰ উপৰিও কুৱেটাত মিয়ান ঘুণ্ডি অঞ্চলত অস্ত্ৰধাৰী লোকে আৰক্ষীক পণবন্দী কৰি লৈ যায় আৰু তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ কাঢ়ি লৈ যায়। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, পিছত আৰক্ষী জোৱানকেইজনক মুকলি কৰি দিয়া হয়। পাকিস্তান কৰ্তৃপক্ষই এই আক্ৰমণ সন্দৰ্ভত এতিয়াও কোনো বিবৃতি প্ৰকাশ কৰা নাই, আৰু কোনো সংগঠনে ইয়াৰ দায়িত্ব স্বীকাৰ কৰা নাই।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
