নতুন দিল্লী, ২৯ আগষ্ট (হি.স.)। আজি ঘৰুৱা অলংকাৰ বজাৰত সোণৰ মূল্যত সামান্য দুৰ্বলতা ৰেকৰ্ড কৰা হৈছে। আনহাতে, আজি একেৰাহে তৃতীয় দিনৰ বাবে ৰূপৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। মূল্য হ্ৰাসৰ বাবে আজি দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,০২,৫৯০ টকাৰ পৰা ১,০২,৭৪০ টকাৰ স্তৰত ব্যৱসায় কৰা হৈছে। একেদৰে ২২ কেৰেটৰ সোণো আজি প্ৰতি ১০ গ্ৰামত ৯৪,০৪০ টকাৰ পৰা ৯৪,১৯০ টকাৰ ভিতৰত বিক্ৰী কৰা হৈছে। ৰূপৰ মূল্যৰ কোনো পৰিৱৰ্তন নোহোৱাৰ বাবে আজিও দিল্লীৰ অলংকাৰ বজাৰত এই চিকচিকিয়া ধাতু প্ৰতি কিলোগ্ৰাম ১,২০,০০০ টকাৰ মাত্ৰাত বিক্ৰী হৈ আছে।
আজি দিল্লীত ২৪ কেৰেট সোণৰ মূল্য ১,০২,৭৪০ টকা প্ৰতি ১০ গ্ৰামত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৪,১৯০ টকা ৰেকৰ্ড কৰা হৈছে। একে সময়তে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,০২,৫৯০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯৪,০৪০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,০২,৬৪০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৪,০৯০ টকা। এই ডাঙৰ চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,০২,৫৯০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেটৰ সোণ ৯৪,০৪০ টকাত বিক্ৰী কৰা হৈছে। কলকাতাতো ২৪ কেৰেটৰ সোণৰ মূল্য ১,০২,৫৯০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেটৰ সোণৰ মূল্য ৯৪,০৪০ টকা।
লক্ষ্ণৌৰ অলংকাৰ বজাৰত আজি ২৪ কেৰেট সোণ ১০ গ্ৰামত ১,০২,৭৪০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯৪,১৯০ টকাত বিক্ৰী হৈছে। পাটনাত ২৪ কেৰেট সোণৰ দাম ১,০২,৬৪০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৪,০৯০ টকা। জয়পুৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,০২,৭৪০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯৪,১৯০ টকাত বিক্ৰী হৈছে।
দেশৰ আন ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰত সোণৰ মূল্য সস্তা হৈ পৰিছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত আজি প্ৰতি ১০ গ্ৰামত ২৪ কেৰেটৰ সোণৰ মূল্য ১,০২,৫৯০ টকা। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯৪,০৪০ টকাত বিক্ৰী কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
