ইছলামাবাদ, ২২ ডিচেম্বৰ (হি.স.)। পাকিস্তানৰ দুখন অস্থিৰ প্ৰদেশ বেলুচিস্তান আৰু খাইবাৰ-পাখতুনখোৱাত সংঘৰ্ষত ৯ জন জোৱান আৰু স্বাধীনতা সমৰ্থক ৯ জন বিদ্ৰোহী নিহত হয়। এই ঘটনা সন্দৰ্ভত বেলুচ লিবাৰেশ্যন আৰ্মী (বিএলএ) আৰু সেনাৰ সংবাদ মাধ্যম সম্পৰ্ক শাখা আন্তঃসেৱা জনসংযোগ (আইএছপিআৰ)য়ে বিভিন্ন দাবী উত্থাপন কৰিছে।
বেলুচিস্তান পোষ্টৰ বাতৰি অনুসৰি স্বাধীনতা সমৰ্থক সশস্ত্ৰ সংগঠন বেলুচ লিবাৰেচন আৰ্মীয়ে শনিবাৰে কয় যে তেওঁলোকৰ যোদ্ধাসকলে বেলুচিস্তানৰ কুৱেটা, কাচ্চি আৰু কেচ জিলাত তিনিটা পৃথক আক্ৰমণত ছয়জন পাকিস্তানী সৈনিকক হত্যা কৰে। সংবাদ মাধ্যমৰ বিবৃতিত বিএলএৰ মুখপাত্ৰ জিয়ান্দ বালোচে কয় যে শুকুৰবাৰে কুৱেটাৰ উপকণ্ঠ অঞ্চলৰ ডাঘাৰি অঞ্চলত যোদ্ধাসকলে ৰিম’ট কণ্ট্ৰ’লড ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আইইডি)ৰে আক্ৰমণ চলায়।
তেওঁ কয় যে এই আক্ৰমণত সেনা জোৱানক লক্ষ্য কৰি লোৱা হৈছে। এই আক্ৰমণত চাৰিজন জোৱান থিতাতে নিহত হোৱাৰ বিপৰীতে দুজন জোৱান আহত হয়। সেইদিনা সন্ধিয়া কাচি জিলাৰ ধধৰৰ কলামুদ্দিন অঞ্চলত দ্বিতীয়টো আক্ৰমণ সংঘটিত হয় বুলি সংগঠনটোৱে জানিবলৈ দিয়ে। শুকুৰবাৰে গভীৰ নিশা কেচ জিলাৰ কুলাগ অঞ্চলত অৱস্থিত ছামিৰ পাকিস্তান সেনাৰ এটা চকীত তৃতীয়টো আক্ৰমণ সংঘটিত হয় আৰু পাকিস্তান সেনাৰ দুজন জোৱান নিহত হয়।
ইফালে, বেলুচিস্তান লিবাৰেশ্যন ফ্ৰণ্টে জনোৱা মতে, ১৮ৰ পৰা ২০ ডিচেম্বৰৰ ভিতৰত নুস্কি, টাম্প আৰু ডাষ্টত চাৰিটা পৃথক আক্ৰমণ চলাই তিনিজন সৈনিকৰ মৃত্যু হয়। ফ্ৰণ্টৰ মুখপাত্ৰ মেজৰ গ্ৱাহাৰাম বালোচে জনোৱা মতে, ১৮ ডিচেম্বৰত নুস্কিৰ জাৰিন বনাঞ্চলত যোদ্ধাসকলে সেনাবাহিনীৰ এখন বাহন বিস্ফোৰণ ঘটাই তিনিজন জোৱান নিহত হোৱাৰ লগতে দুজন জোৱান আহত হয়।
দ্য এক্সপ্ৰেছ ট্ৰিবিউনে প্ৰকাশ কৰা অনুসৰি আই এছ পি আৰৰ এক বিবৃতিত কোৱা হৈছে যে খাইবাৰ-পাখতুনখোৱা (কে পি)ত দুটা পৃথক এনকাউণ্টাৰত নিৰাপত্তা বাহিনীয়ে তেহৰিক-ই-তালিবান পাকিস্তানৰ ৯ জন যোদ্ধাক হত্যা কৰে। ১৯ ডিচেম্বৰত ডেৰা ইছমাইল খান জিলাত সংঘটিত হোৱা প্ৰথমটো এনকাউণ্টাৰত চাৰিজন বিদ্ৰোহী নিহত হৈছিল। বান্নু জিলাত আন এক এনকাউণ্টাৰত নিহত হয় পাঁচটা বিদ্ৰোহী।
हिन्दुस्थान समाचार / অৰৱিন্দ
