ৱাশ্বিংটন, ১২ আগষ্ট (হি.স.)। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত সক্ৰিয় বিচ্ছিন্নতাবাদী সংগঠন বেলুচ লিবাৰেচন আৰ্মী (বিএলএ)ক বিদেশী সন্ত্ৰাসবাদী সংগঠন বুলি ঘোষণা কৰিছে আমেৰিকাই। সোমবাৰে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে এই তথ্য প্ৰদান কৰে।
আফগানিস্তান আৰু ইৰাণৰ গাতে লাগি থকা খনিজ সমৃদ্ধ বেলুচিস্তান অঞ্চলত সক্ৰিয় হৈ থকা আটাইতকৈ প্ৰভাৱশালী উগ্ৰপন্থী গোট হিচাপে বিএলএক দীৰ্ঘদিন ধৰি বিবেচিত হৈ আহিছে। চীনে বিনিয়োগ কৰা গ্ৱাদাৰ গভীৰ সাগৰীয় বন্দৰ আৰু অন্যান্য প্ৰকল্পৰ বাবে এই অঞ্চলটো কৌশলগতভাৱে গুৰুত্বপূৰ্ণ।
আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ মতে, শেহতীয়াকৈ বিএলএই মাৰ্চ মাহত কুৱেটাৰ পৰা পেছাৱৰলৈ যোৱা পাকিস্তানী ‘জাফৰ এক্সপ্ৰেছ’ ৰে’লখন অপহৰণ কৰাৰ দায়িত্ব লয়। এই ঘটনাত ৩১ জন সাধাৰণ নাগৰিক আৰু নিৰাপত্তা বাহিনী নিহত হোৱাৰ বিপৰীতে ৩০০ৰো অধিক যাত্ৰীক পণবন্দী কৰি ৰখা হৈছিল।
বিদেশী সন্ত্ৰাসবাদী সংগঠন বুলি ঘোষণা কৰাৰ পিছত এই গোটটোক আৰ্থিক সাহায্য আৰু যিকোনো ধৰণৰ সহায় আগবঢ়োৱাটো আমেৰিকাৰ আইন অনুসৰি নিষিদ্ধ হৈ পৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
