ইছলামাবাদ (পাকিস্তান), ১৯ আগষ্ট (হি.স.)। আজি পুৱা ১০:২০ বজাত পাকিস্তানত ভূমিকম্পৰ প্ৰচণ্ড কম্পন অনুভূত হয়। ভূমিকম্পৰ তীব্ৰতা ৫.২ ৰিখটাৰ স্কেলত জুখিছিল। ইয়াৰ কেন্দ্ৰবিন্দু আছিল আফগানিস্তানৰ হিন্দুকুছ অঞ্চলত ১৯০ কিলোমিটাৰ গভীৰতাত। এই ভূমিকম্পৰ প্ৰভাৱ ৰাজধানী ইছলামাবাদ, ৰাৱালপিণ্ডি আৰু খাইবাৰ পখতুনখোৱাৰ পেছাৱৰ, শ্বাট, চিত্ৰাল আৰু এবটাবাদত দেখা গৈছে।
ডন কাকতে পাকিস্তানৰ বতৰ বিজ্ঞান বিভাগৰ (পিএমডি) উদ্ধৃতি দি এই তথ্য প্ৰদান কৰিছে। পঞ্জাৱ প্ৰাদেশিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে, ভূমিকম্পৰ কম্পন বাহাৱালপুৰ, ডেৰা গাজী খান, ফৈছালাবাদ, গুজৰাণৱালা, গুজৰাট, লাহোৰ, মুলতান, সাহিৱাল আৰু সৰগোধা সংমণ্ডলতো অনুভৱ কৰা হৈছে। এই পৰ্যন্ত কোনো লোক হতাহতিৰ খবৰ পোৱা নাই। খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ ৰেচকিউ ১১২২ৰ মুখপাত্ৰ বিলাল ফাইজীৰ মতে, এতিয়ালৈকে কোনো সমস্যা হোৱা নাই।
ডনৰ মতে, পাকিস্তান তিনিটা প্ৰধান টেকটনিক প্লেটত অৱস্থিত – আৰব, ইউৰো-এছিয়ান আৰু ভাৰতীয়। ইয়াত ভূতাত্ত্বিক কাৰ্যকলাপ চলি থাকে।
হিন্দুকুছ অঞ্চলক বিশ্বৰ অন্যতম সক্ৰিয় ভূমিকম্পীয় অঞ্চল বুলি গণ্য কৰা হয়। চলিত মাহৰ আৰম্ভণিতে ইছলামবাদ, ৰাৱালপিণ্ডি আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত ৫.১ প্ৰাবল্যৰ ভূমিকম্পৰ সৃষ্টি হৈছিল। ইয়াৰ কঁপনিয়ে অট্টালিকাবোৰ জোকাৰি গৈছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
