কাঠমাণ্ডু, ২৬ জুন (হি.স.)। নেপালত কোটি কোটি টকাৰ পতঞ্জলি ট্ৰাষ্টৰ ভূমি কেলেংকাৰিৰ গোচৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী মাধৱ কুমাৰ নেপালক জামিন মঞ্জুৰ কৰে বিশেষ আদালতে। এই গোচৰত দুৰ্নীতি বিৰোধী ব্যুৰোৱে প্ৰাক্তন প্ৰধানমন্ত্ৰী মাধৱ কুমাৰ নেপালক অভিযুক্ত কৰি বিশেষ আদালতত গোচৰ ৰুজু কৰিছিল।
বুধবাৰে এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰি বিশেষ আদালতে মাধৱ নেপালৰ বক্তব্য লিপিবদ্ধ কৰে। লগতে তেওঁক ন্যায়িক জিম্মালৈ পঠিয়াবলৈ চৰকাৰৰ দাবী নাকচ কৰি জামিনত বাহিৰত ৰখাৰ নিৰ্দেশ দিয়ে।
বিশেষ আদালতে বুধবাৰে গভীৰ নিশা ৩৫ লাখ টকাৰ বণ্ডত মাধৱ কুমাৰ নেপালক জামিন মঞ্জুৰ কৰে। এই তথ্য তেওঁৰ অধিবক্তা শম্ভু থাপাই দিছে। তেওঁ কয় যে আদালতে মাধৱ কুমাৰক প্ৰতিটো তাৰিখে আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে। লগতে আদালতৰ অনুমতি অবিহনে তেওঁক বিদেশলৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
