
কাঠমাণ্ডু, ২৭ নৱেম্বৰ (হি.স.)। বতৰৰ তাপমান কমি অহাৰ লগে লগে নেপালৰ ভূমিকম্পত ক্ষতিগ্ৰস্ত জাজাৰকোট আৰু ৰুকুম পশ্চিম অঞ্চলত মুকলি আকাশৰ তলত বাস কৰা লোকসকলৰ সমস্যা বাঢ়িছে। মাত্ৰ এটা তৰ্পলিন লৈ জীৱন নিৰ্বাহ কৰা এই ভূমিকম্পৰ ক্ষতিগ্ৰস্তসকলৰ বাবে ৰাতিটো কটাবলৈ অধিক কঠিন হৈ পৰিছে।
এই জিলা দুখনত ঠাণ্ডাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পাইছে। মৃতসকলৰ অধিকাংশই বৃদ্ধ আৰু গৰ্ভৱতী মহিলা। চৰ্দিৰ বাবে নিউমোনিয়াত বৃদ্ধ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন বহু ৰোগে আন লোকৰ মাজত মৃত্যুৰ মুখলৈ ঠেলি দিছে। যোৱা নিশা নলগাড পৌৰসভাৰ ৮ নং ৱাৰ্ডৰ বাসিন্দা শৰ্মিলা চাদৰ নামৰ এগৰাকী গৰ্ভৱতী মহিলাৰ মৃত্যুৰ কথা অৱগত কৰিছে ৱাৰ্ডৰ সভাপতি তেজ বাহাদুৰ সিঙে। জাজাৰকোট আৰু ৰুকুম পশ্চিম দুয়োটা পাহাৰীয়া অঞ্চল, য’ত ছেপ্টেম্বৰ – অক্টোবৰৰ পৰা তীব্ৰ ঠাণ্ডা আৰম্ভ হয়। এই সময়ত দুয়োখন জিলাৰ ওপৰৰ অংশতো তুষাৰপাত আৰম্ভ হৈছে। ইয়াৰ বাবে ৰাতি তাত উষ্ণতা ৫ – ১০ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হয়। ঠাণ্ডাৰ বাবে ভূমিকম্পত ক্ষতিগ্ৰস্ত লোকে বহু ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।
হিন্দুস্থান সমাচাৰ/পংকজ দাস/মনোজ
