ৱাশ্বিংটন, ২০ জুন (হি.স.)। ইজৰাইল আৰু ইৰাণৰ যুদ্ধক লৈ কিছু নৰম স্থিতি লৈছে আমেৰিকাই। ইৰাণৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ স্থিতি কিছু নৰম হৈ পৰিছে। কালি দক্ষিণ ইজৰাইলৰ এখন বৃহৎ চিকিৎসালয়ত ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পিছত ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে অহা দুসপ্তাহৰ ভিতৰত ইৰাণৰ বিৰুদ্ধে ইজৰাইলৰ বোমা বিস্ফোৰণ অভিযানত যোগদান কৰিব নে নকৰে সেইটো সিদ্ধান্ত ল’ব।
দ্য নিউয়ৰ্ক টাইমছৰ বাতৰি অনুসৰি হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰ’লিন লেভিটে বিবৃতিটোত স্পষ্ট কৰি দিছে যে ট্ৰাম্পে কয় যে, অদূৰ ভৱিষ্যতে ইৰাণৰ সৈতে আলোচনাৰ সম্ভাৱনা আছে। গতিকে অহা দুসপ্তাহৰ ভিতৰত তেওঁ নিজৰ সিদ্ধান্ত গ্ৰহণ কৰিব। লেভিটে কয় যে ইৰাণৰ সৈতে যিকোনো চুক্তিত ইউৰেনিয়াম সমৃদ্ধিশালী আৰু অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত নিষেধাজ্ঞা অন্তৰ্ভুক্ত হ’ব লাগে। মন কৰিবলগীয়া যে ইৰাণে কালি ইজৰাইলৰ বেৰচেবাত ছ’ৰোকা মেডিকেল চেণ্টাৰ আৰু অন্যান্য ঠাইত ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাই নিজৰ আক্ৰমণাত্মক স্থিতি স্পষ্ট কৰিছে।
চিএনএন চেনেলৰ বাতৰি অনুসৰি ট্ৰাম্পে সামৰিক পদক্ষেপৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে ইৰাণৰ সৈতে কূটনৈতিক আলোচনাৰ বাবে দুসপ্তাহৰ সময়সীমা নিৰ্ধাৰণ কৰিছে। ইজৰাইলৰ বোমা বিস্ফোৰণ অভিযানৰ মাজতে স্থবিৰ হৈ পৰা আলোচনা পুনৰ আৰম্ভ কৰাৰ লক্ষ্য। ট্ৰাম্প আৰু তেওঁৰ উপদেষ্টাসকলে আশা কৰিছে যে ইজৰাইলৰ আক্ৰমণ আৰু মিছাইলৰ ক্ষতিৰ হেঁচাত ইৰাণে ইউৰেনিয়াম সমৃদ্ধি বন্ধ কৰিবলৈ সন্মত হ’ব পাৰে।
হোৱাইট হাউছৰ প্ৰচেষ্টাত মধ্যপ্ৰাচ্যৰ দূত ষ্টিভ উইটকফ আৰু উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্সে পৰিস্থিতি নিৰীক্ষণ কৰাটোও অন্তৰ্ভুক্ত। আজি ব্ৰিটেইন, জাৰ্মানী আৰু ফ্ৰান্সৰ ইউৰোপীয় বৈদেশিক মন্ত্ৰীসকলে জেনেভাত ইৰাণৰ প্ৰতিনিধিক সাক্ষাৎ কৰি উইটকফৰ পূৰ্বৰ প্ৰস্তাৱ পুনৰ বিবেচনা কৰিব। অৱশ্যে ইৰাণে কয় যে ইজৰাইলে বোমা বিস্ফোৰণ বন্ধ নকৰালৈকে আমেৰিকাৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰে।
হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰ’লিন লেভিটে কয় যে ইৰাণ আৰু সমগ্ৰ বিশ্বই জনা উচিত যে আমেৰিকাৰ সামৰিক বাহিনী হৈছে বিশ্বৰ আটাইতকৈ শক্তিশালী আৰু মাৰাত্মক যুদ্ধ শক্তি। এই সপ্তাহত হোৱাইট হাউছৰ পৰিস্থিতি কক্ষত অনুষ্ঠিত হোৱা বৈঠকত ৰাষ্ট্ৰপতিয়ে ইৰাণৰ ফৰ্ডোত থকা ভূগৰ্ভস্থ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য কৰি বাংকাৰ বাষ্টাৰ বোমাৰ সৈতে জড়িত বিকল্পসমূহ পৰ্যালোচনা কৰিছে। উল্লেখযোগ্য যে ইজৰাইল আৰু ইৰাণৰ মাজত ১৩ জুন তাৰিখৰ পৰা সামৰিক উত্তেজনা অব্যাহত আছে। ইৰাণৰ পাৰমাণৱিক আন্তঃগাঁথনিক লক্ষ্য কৰি ইজৰাইলে ৰাইজিং লায়ন অভিযান আৰম্ভ কৰে। ইয়াৰ প্ৰতি মাৰাত্মক প্ৰত্য়ুত্তৰ দিছে ইৰাণে।
নিউয়ৰ্ক টাইমছৰ বাতৰি অনুসৰি বৃহস্পতিবাৰে ট্ৰাম্পে দিয়া মন্তব্যৰ জৰিয়তে কিছু সকাহৰ পথ লৈছিল, যিয়ে তেওঁৰ বাবে বহুতো নতুন কূটনৈতিক, সামৰিক আৰু চোৰাংচোৱাৰ বিকল্প আনিব পাৰে। জেনেভা বৈঠকত অংশগ্ৰহণ কৰা ব্ৰিটিছ বৈদেশিক সচিব ডেভিদ লেমীয়ে এক বিবৃতিত কয় যে ইৰাণৰ সৈতে পৰিস্থিতি বিপজ্জনক হৈ আছে যদিও কূটনৈতিক সমাধানৰ বাবে অহা দুসপ্তাহৰ ভিতৰত এটা খিৰিকী আছে। তেওঁৰ এই মন্তব্য হোৱাইট হাউছত বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ আৰু মধ্যপ্ৰাচ্যৰ বাবে ট্ৰাম্পৰ বিশেষ দূত ষ্টিভ উইটকফৰ সৈতে হোৱা বৈঠকৰ পিছতে আহিছে।
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে বৃহস্পতিবাৰে কয় যে তেওঁৰ দেশৰ ইৰাণৰ পাৰমাণৱিক সুবিধাসমূহৰ সন্দৰ্ভত নিজৰ সকলো লক্ষ্য নিজাববীয়াকৈ লাভ কৰাৰ ক্ষমতা আছে। নেতানিয়াহুৱে কয় যে ড্ৰ’ন আক্ৰমণৰ পৰা ইজৰাইলক ৰক্ষা কৰাত আমেৰিকাৰ পাইলটসকলে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে। এতিয়া ইৰাণৰ ওপৰত আক্ৰমণত আমেৰিকাৰ সামৰিক বাহিনীক জড়িত কৰিব বিচাৰে নে নকৰে সেয়া ট্ৰাম্পৰ ওপৰত নিৰ্ভৰশীল।
আমেৰিকাৰ চোৰাংচোৱা সংস্থাসমূহৰ মতে ইৰাণে সমৃদ্ধ ইউৰেনিয়ামৰ বৃহৎ মজুত গঢ়ি তুলিছে যদিও ইৰাণে পাৰমাণৱিক বোমা নিৰ্মাণ কৰিব নে নকৰে সেয়া এতিয়াও সিদ্ধান্ত লোৱা নাই। বিষয়াসকলে কয় যে যদিহে আমেৰিকান বাহিনীয়ে ফৰ্ডোত থকা ইৰাণৰ ইউৰেনিয়াম সমৃদ্ধি স্থানত আক্ৰমণ কৰে বা ইজৰাইলে ইৰাণৰ সৰ্বোচ্চ নেতাক হত্যা কৰে তেন্তে ইৰাণৰ নেতাসকলে বোমা নিৰ্মাণৰ দিশলৈ মুখ কৰিব পাৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
