কাঠমাণ্ডু, ২৪ আগষ্ট (হি.স.)। নেপালৰ ৰাউতহাট জিলাত দাবী নথকা ছুটকেছৰ পৰা উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ। জানিব পৰা মতে এই মৃত মহিলাগৰাকী বিহাৰৰ মুজাফ্ফৰপুৰৰ। আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জিলা চিকিৎসালয় ৰাউতহাটলৈ প্ৰেৰণ কৰিছে। ফৰেনছিক ৰিপৰ্ট আৰু মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট পোৱাৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।
ৰাউতহাট জিলাৰ ডি এছ পি কাৰ্কীয়ে জনোৱা মতে, দেওবাৰে পুৱা শনিবাৰে নিশা প্ৰায় ৮ বজাত ভাৰত সীমান্ত জিলা ৰাউতহাটৰ গৌড়ত পথত এটা দাবীবিহীন ছুটকেছ উদ্ধাৰ হয়। প্ৰথমতে আৰক্ষীয়ে ইয়াত বিস্ফোৰক সামগ্ৰী থকা বুলি সন্দেহ কৰিছিল যদিও ফৰেনছিক দল আহি পোৱাৰ পিছত ছুটকেছটো খুলিলেই তাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয়। তেওঁ কয় যে মৃত মহিলাগৰাকীৰ নাম ২৬ বছৰীয়া ৰুবী চাহ।
ডি এছ পি ৰাজু কাৰ্কীয়ে জনোৱা মতে, দুমাহ পূৰ্বে মৃত মহিলাগৰাকীয়ে চাৰি বছৰীয়া পুত্ৰৰ সৈতে ৰাউতহাট জিলাৰ মাধৱনাৰায়ণস্থিত মাতৃগৃহত থাকিবলৈ আহিছিল আৰু দুদিন ধৰি নিৰুদ্দেশ হৈ আছিল। তাইৰ ঘৰ বিহাৰৰ মুজাফ্ফৰপুৰ বুলি কোৱা হয়। তেওঁৰ স্বামী এতিয়াও বিহাৰৰ মুজাফ্ফৰপুৰত থাকে। আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জিলা চিকিৎসালয় ৰাউতহাটলৈ প্ৰেৰণ কৰিছে। আৰক্ষীয়ে জনোৱা মতে, ফৰেনছিক ৰিপৰ্ট আৰু মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট অহাৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।
স্থানীয় সাংবাদিক প্ৰেমচান্দ ঝাই জনোৱা মতে, শনিবাৰে মৃত মহিলাগৰাকীৰ মাতৃয়ে তেওঁৰ কন্যা নিৰুদ্দেশৰ সন্দৰ্ভত আৰক্ষীক এজাহাৰ দাখিল কৰিছিল। তাই বিউটি পাৰ্লাৰলৈ যাম বুলি ঘৰৰ পৰা ওলাই আহিছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
