ফেশ্বন জগতত নিজৰ স্থান দখল কৰাৰ পিছত এতিয়া চলচ্চিত্ৰ নিৰ্মাতা হিচাপে নতুন ইনিংছ আৰম্ভ কৰিবলৈ ওলাইছে বিখ্যাত ডিজাইনাৰ মনীষ মালহোত্ৰাই। ২০২৫ চনৰ নৱেম্বৰ মাহত তেওঁৰ প্ৰথমখন ছবি ‘গুস্তাখ ইছক’ কুচ পেহলে জয়ছা’ ছবিগৃহত মুক্তি পাব।
এই ভাল খবৰটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি মনীষে লিখিছে, শৈশৱৰ পৰাই চিনেমাৰ সৈতে মোৰ গভীৰ সম্পৰ্ক আছে। কাহিনীৰ যাদু, ডাঙৰ পৰ্দাৰ জিলিকনি আৰু ছবিখন শেষ হোৱাৰ পিছতো হৃদয়ত যি আৱেগ ৰৈ যায়, এই সকলোবোৰে মোক সদায় আকৰ্ষণ কৰি আহিছে। আজি মই এই কথা ক’বলৈ পাই অতিশয় আনন্দিত হৈছো যে মোৰ সপোন বাস্তৱায়িত হৈছে। মোৰ প্ৰথমখন ছবি ‘গুস্তাখ ইছক’ এই নৱেম্বৰ মাহত মুক্তি পাব। তেওঁ আৰু কয়, “এই সোমবাৰে মই ছবিখনৰ প্ৰথম আভাস আপোনালোক সকলোৰে সৈতে শ্বেয়াৰ কৰিম।”
ডিজাইনৰ জগতখনত নাম অৰ্জন কৰা মনীষ মালহোত্ৰাই এতিয়া ছবিৰ জৰিয়তে নিজৰ সৃষ্টিশীলতাক নতুন ৰূপত উপস্থাপন কৰিব। প্ৰেম, আৱেগ আৰু কাব্যিক অনুভূতিৰ এক সুন্দৰ সংমিশ্ৰণ দেখা পোৱা যাব ‘গুস্তাখ ইছক’ক।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
