
টকিঅ’, ০৮ ছেপ্টেম্বৰ (হি.স.)। জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই দেওবাৰে পদত্যাগৰ কথা ঘোষণা কৰাৰ পিছতে শাসকীয় লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টি (এল ডি পি)ত আলোড়নৰ সৃষ্টি হৈছে। সোমবাৰে প্ৰাৰ্থীত্ব ঘোষণা কৰা প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হয় এলডিপিৰ প্ৰবীণ টছিমিটছু মোটেগী। আলোচনা চলি আছে যে চৰকাৰৰ শীৰ্ষ মুখপাত্ৰ তথা মুখ্য কেবিনেট সচিব যোছিমাছা হায়াছিয়েও এই পদৰ বাবে দাবী উত্থাপন কৰিব। প্ৰাক্তন অৰ্থনৈতিক নিৰাপত্তা মন্ত্ৰী ছানে টাকাইচি আৰু কৃষি মন্ত্ৰী শ্বিনজিৰো কইজুমিকো সম্ভাৱ্য প্ৰাৰ্থী হিচাপে বিবেচনা কৰা হৈছে।
দ্য জাপান টাইমছ কাকতৰ প্ৰতিবেদন অনুসৰি এল ডি পিৰ প্ৰাক্তন মহাসচিব টোছিমিটছু মোটেগীয়ে কয় যে এই কঠিন পৰ্যায়ৰ পৰা দলটোক উলিয়াই অনাটো কঠিন। দল আৰু চৰকাৰৰ অভিজ্ঞতাৰ ভিত্তিত তেওঁ নিজৰ সামৰ্থ্য অনুসৰি দেশৰ সেৱা কৰিব বিচাৰে। উল্লেখযোগ্য যে জুলাই মাহত অনুষ্ঠিত হোৱা উচ্চ সদনৰ নিৰ্বাচনত দলৰ পৰাজয়ৰ দায়িত্ব গ্ৰহণ কৰি ইছিবাই দলৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিছে।
দলৰ ভিতৰত অহৰহ দাবীৰ মাজতে দেওবাৰে ইছিবাই পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। ১১ মাহৰ কাৰ্যকাল সম্পূৰ্ণ কৰা ইছিবাই দেওবাৰে সন্ধিয়া এখন সংবাদমেলত কয় যে আমেৰিকাৰ সৈতে শুল্ক আলোচনা এক জটিল সন্ধিক্ষণত উপনীত হোৱাৰ বাবেই তেওঁ পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। গতিকে মোৰ বিশ্বাস এতিয়াই সঠিক সময়। সেয়ে পৰৱৰ্তী প্ৰজন্মক বাট এৰি দিয়াৰ সিদ্ধান্ত লৈছো।
ইছিবাৰ পদত্যাগৰ এনে সময়তে দলটোৱে আগতীয়াকৈ সভাপতি নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ল’বলগীয়া হৈছিল। শেহতীয়াকৈ উচ্চ সদনৰ নিৰ্বাচনত ব্যাপক পৰাজয়ৰ সন্মুখীন হৈছে এলডিপি-কমেইটো মিত্ৰজোঁট। শনিবাৰে সন্ধিয়া ইছিবাই কৃষি মন্ত্ৰী শ্বিনজিৰো ক’ইজুমি আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা এলডিপিৰ উপ-সভাপতি যোছিহিদে ছুগাক সাক্ষাৎ কৰে। সোমবাৰৰ ভিতৰত দুয়োজনে তেওঁক পদত্যাগ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে।
আগতীয়াকৈ নিৰ্বাচনৰ দাবীত সাংসদসকলে এলডিপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ স্মাৰক পত্ৰ দাখিল কৰাৰ প্ৰস্তুতি চলাইছে। নিয়ম অনুসৰি দলৰ সাংসদ আৰু দলৰ প্ৰাদেশিক প্ৰধান সংখ্যাগৰিষ্ঠতা যদি আগতীয়াকৈ নিৰ্বাচনৰ পক্ষত থাকে তেন্তে দলটোৱে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব। ইছিবাৰ পদত্যাগ সিদ্ধান্ত সন্দৰ্ভত মন্তব্য কৰি বিৰোধী নেতাসকলে ৰাষ্ট্ৰীয় প্ৰশাসনৰ অচলাৱস্থাৰ বাবে শাসকীয় লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিক সমালোচনা কৰিছে।
জাপানৰ মূল বিৰোধী দল কনষ্টিটিউচনেল ডেম’ক্ৰেটিক পাৰ্টিৰ মুৰব্বী যোছিহিকো নোডাই টকিঅ’ত সাংবাদিকৰ আগত কয় যে, ‘ৰাজনৈতিক শূন্যতা অব্যাহত থাকিব। এলডিপিৰ ভিতৰত সংঘাত বহুদিন ধৰি চলি আছে। বিগত পাঁচ বছৰ ধৰি জাপানত ৰাজনৈতিক অস্থিৰতা অব্যাহত আছে। কোনো প্ৰধানমন্ত্ৰীয়ে একেৰাহে তিনি বছৰ ধৰি থাকিব পৰা নাই।
২০২১ চনৰ ৪ অক্টোবৰৰ পৰা ২০২১ চনৰ ১০ নৱেম্বৰলৈ ফুমিঅ’ কিছিডাৰ প্ৰথম কাৰ্যকাল আছিল। ২০২১ চনৰ ১০ নৱেম্বৰৰ পৰা ২০২৪ চনৰ ১ অক্টোবৰলৈ দ্বিতীয় কাৰ্যকাল। ২০২৫ চনত প্ৰধানমন্ত্ৰীৰ কাৰ্যকালৰ সঘনাই পৰিৱৰ্তন লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিৰ ভিতৰত ক্ষমতাৰ সংগ্ৰামৰ বাবেই হোৱা বুলি ধাৰণা কৰা হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
