কাঠমাণ্ডু, ২৯ অক্টোবৰ (হি.স.)। নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীয়ে আজি বিয়লি চৰকাৰ, ৰাজনৈতিক দল, জেন-জি নেতাসকলৰ সৈতে ত্ৰিপাক্ষিক বৈঠকত মিলিত হোৱাৰ কথা। এই বৈঠকত নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হ’ব।
এইবাৰ ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দল আৰু জেন-জি গোটৰ প্ৰতিনিধিয়ে আনুষ্ঠানিক আলোচনাৰ বাবে একত্ৰিত হৈছে। প্ৰধানমন্ত্ৰীৰ প্ৰেছ সমন্বয়ক ৰাম ৰাৱালে জনোৱা মতে, বৈঠকখন বিয়লি ৪ বজাত প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত হ’ব। ৰাৱালে উল্লেখ কৰে যে এই বৈঠকৰ মূল উদ্দেশ্য হৈছে আগন্তুক নিৰ্বাচন সফল পৰিচালনা নিশ্চিত কৰা আৰু শেহতীয়া ৰাজনৈতিক পৰিৱৰ্তনক প্ৰতিষ্ঠানিকৰণ কৰা।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তথ্য অনুসৰি আজিৰ ত্ৰিপাক্ষিক বৈঠকত আঠৰ পৰা ৯টা জেন-জি গোটৰ নেতাক আমন্ত্ৰণ জনোৱা হৈছে। ডাঙৰ ডাঙৰ ৰাজনৈতিক দলৰ দ্বিতীয় পৰ্যায়ৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ
