• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ইউন চুক-ইয়েলক পুনৰ গ্ৰেপ্তাৰ কৰাত আদালতৰ অনুমোদন
International

দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ইউন চুক-ইয়েলক পুনৰ গ্ৰেপ্তাৰ কৰাত আদালতৰ অনুমোদন

CliQ INDIA
Last updated: July 10, 2025 11:31 am
CliQ INDIA
Share
2 Min Read
SHARE

– সামৰিক আইন সম্পৰ্কীয় গোচৰৰ নতুন দিশ

ছিউল, ১০ জুলাই (হি.স.)। দক্ষিণ কোৰিয়াৰ ছিউল কেন্দ্ৰীয় জিলা আদালতে বৃহস্পতিবাৰে পুৱাই দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ইউন চুক-ইয়েলক পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ অনুমোদন জনায়। ডিচেম্বৰ মাহত তেওঁ অলপ সময়ৰ বাবে জাপি দিয়া সামৰিক আইন সম্পৰ্কীয় গুৰুতৰ অভিযোগত এই গ্ৰেপ্তাৰ কৰা হৈছে। ইয়ুনে প্ৰমাণৰ সৈতে ইফাল-সিফাল কৰিব পাৰে বুলি বিশেষ অভিযুক্তৰ যুক্তি আদালতে মানি লৈছিল।

ৰাজধানী ছিউলৰ ওচৰৰ ডিটেনচন চেণ্টাৰলৈ ঘূৰাই পঠিওৱা হৈছে ইউন ছুক-ইয়েলক। মন কৰিবলগীয়া যে মাৰ্চ মাহত ইতিমধ্যে তেওঁক মুকলি কৰি দিয়া হৈছিল, যেতিয়া জানুৱাৰী মাহত আদালতে তেওঁক গ্ৰেপ্তাৰ বাতিল কৰিছিল আৰু বিচাৰৰ সময়ত তেওঁক জিম্মাত ৰখাটো প্ৰয়োজনীয় বুলি বিবেচনা কৰা নাছিল।

প্ৰাক্তন ৰাষ্ট্ৰপতি ইউনৰ বিৰুদ্ধে বিশেষ অভিযোজক চ’ ইউন-ছুকৰ দলটোৱে দেশদ্ৰোহ, ক্ষমতাৰ অপব্যৱহাৰ, চৰকাৰী কামত বাধা দিয়া, চৰকাৰী নথি-পত্ৰ হেৰ ফেৰ আদি গুৰুতৰ অভিযোগত নতুন গোচৰ ৰুজু কৰাৰ বাবে সাজু হৈছে ।

দেওবাৰে দলটোৱে ইউনক দুবাৰকৈ জেৰা কৰি গ্ৰেপ্তাৰৰ পৰোৱানাৰ বাবে আবেদন দাখিল কৰে। ইউনৰ অধিবক্তাই ইয়াক অত্যধিক আৰু ভিত্তিহীন বুলি অভিহিত কৰে যদিও আদালতে গ্ৰেপ্তাৰৰ ন্যায্যতা প্ৰদান কৰে।

প্ৰথম অৱস্থাত ইয়ুনক ২০ দিনৰ বাবে আটক কৰিব পাৰে। যদিহে নতুন অভিযোগৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হয় তেন্তে তেওঁ ৬ মাহ জিম্মাত থাকিব পাৰে। এই সময়ছোৱাত আদালতে প্ৰাথমিক শুনানি গ্ৰহণ কৰিব। দোষী সাব্যস্ত হ’লে তেওঁক জেলৰ শাস্তি দিয়া হ’ব পাৰে, তাৰ পিছত গোচৰটো উচ্চ ন্যায়ালয়লৈ যাব পাৰে।

মন কৰিবলগীয়া যে যোৱা বছৰৰ ০৩ ডিচেম্বৰত ইউনে সামৰিক আইন ঘোষণা কৰিছিল আৰু কৈছিল যে তেওঁৰ ৰাষ্ট্ৰ বিৰোধী উদাৰবাদী বিৰোধীয়ে তেওঁৰ নীতিত ব্যাঘাত জন্মাইছে। কিন্তু মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে এই পদক্ষেপৰ প্ৰতিক্ৰিয়া হ’ল যেতিয়া সাংসদসকলে সামৰিক অৱৰোধ ভাঙি সংসদত প্ৰৱেশ কৰি সামৰিক আইন বাতিল কৰিবলৈ ভোটদান কৰে।

ইয়াৰ পিছত ১৪ ডিচেম্বৰত অভিযোগনামাৰ জৰিয়তে ইউনক ক্ষমতাৰ পৰা অপসাৰণ কৰা হয় আৰু ২৬ জানুৱাৰীত তেওঁৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগ উত্থাপন কৰি অভিযোগনামা দাখিল কৰা হয়। সংসদ আৰু নিৰ্বাচনী কাৰ্যালয়সমূহ বলপূৰ্বকভাৱে নিয়ন্ত্ৰণ কৰি ৰাজনৈতিক বিৰোধীক কাৰাগাৰত ভৰোৱাৰ পৰিকল্পনা কৰিছিল বুলি অভিযোগ উত্থাপন কৰে বিচাৰ বিভাগে।

এই অভিযোগত দোষী সাব্যস্ত হ’লে মৃত্যুদণ্ড বা যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি হ’ব পাৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

গাজা যুদ্ধত আইডিএফে বৃহৎ ত্ৰুটি, নিজৰ নাগৰিকৰ ওপৰত গুলীচালনাত তিনি ইজৰাইলী পণবন্দী নিহত
জনসংখ্যা হ্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি চীনে শিশু যত্নৰ ৰাজসাহায্য ঘোষণা, প্ৰতি বছৰে প্ৰতিটো শিশুৰ বাবে ৫০০ ডলাৰ
ৰাছিয়াঃ মৃত্যুৰ এসপ্তাহৰ পাছত পৰিয়ালৰ হাতত গতালে বিৰোধী নেতা নভালনিৰ মৃতদেহ

ৰাজস্থান ৰয়েলছৰ ৰোমাঞ্চক জয়: আইপিএল ২০২৬ৰ শীৰ্ষস্থান দখল

আইপিএল ২০২৬ৰ এক ৰুদ্ধশ্বাস খেলত ৰাজস্থান ৰয়েলছে শেষ বলত গুজৰাট টাইটানছক পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষস্থান দখল কৰিছে।

ট্ৰাম্পৰ বৈশিষ্ট্যযুক্ত এক ডলাৰৰ মুদ্ৰাৰ প্ৰস্তাৱিত ডিজাইন মুকলি

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article বিশ্বব্যাপী বজাৰৰ পৰা ইতিবাচক সংকেত, এছিয়াত উত্থানৰ ধাৰা
Next Article প্ৰধানমন্ত্ৰী মোদীলৈ নামিবিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?