বেইজিং, ২৯ জুলাই (হি.স.)। যোৱা তিনি বছৰ ধৰি জনসংখ্যা হ্ৰাসৰ সন্মুখীন হোৱা চীনে সোমবাৰে দম্পতীক উৎসাহিত কৰাৰ বাবে দেশজোৰা শিশু যত্নৰ নগদ ৰাজসাহায্য নীতি ঘোষণা কৰে। চৰকাৰে কয় যে সন্তান লালন-পালন কৰা পৰিয়ালসমূহৰ ওপৰত আৰ্থিক চাপ হ্ৰাস কৰি দেশৰ জন্মৰ হাৰ বৃদ্ধিৰ লক্ষ্যৰে এই প্ৰৱৰ্তন কৰা হৈছে।
গ্ল’বেল টাইমছৰ তথ্য অনুসৰি চীন চৰকাৰে তিনি বছৰৰ তলৰ প্ৰতিটো শিশুৰ পিতৃ-মাতৃক বছৰি ৩৬০০ ইউয়ান (৫০২ ডলাৰ) নগদ ধন প্ৰদান কৰিব। এই ৰাজসাহায্য শিশুটিৰ তিনি বছৰ সম্পূৰ্ণ নোহোৱালৈকে দিয়া হ’ব। ২০২৫ চনৰ ১ জানুৱাৰীৰ আগতে জন্ম লোৱা, আৰু এতিয়াও তিনি বছৰৰ তলৰ শিশুৰ বাবে এই ৰাজসাহায্য যোগ্য মাহৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি সমানুপাতিকভাৱে দিয়া হ’ব।
চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে এক বিবৃতি প্ৰকাশ কৰি কয় যে দেশজুৰি শিশু যত্নৰ ৰাজসাহায্য ব্যৱস্থা ৰূপায়ণ কৰাটো লাখ লাখ পৰিয়ালক প্ৰভাৱিত কৰা এক নতুন নীতি। এই নীতিয়ে প্ৰতি বছৰে কেঁচুৱা আৰু সৰু ল’ৰা-ছোৱালী থকা ২ কোটিতকৈও অধিক পৰিয়ালক উপকৃত কৰিব বুলি আশা কৰা হৈছে।
এন এইচ চিৰ মতে, সকলো স্থানীয় সংস্থাই শিশু যত্ন ৰাজসাহায্য ব্যৱস্থাৰ বিশদ ৰূপায়ণ পৰিকল্পনা প্ৰস্তুত কৰাত নিয়োজিত হৈ আছে আৰু ইয়াৰ ৰূপায়ণৰ বাবে প্ৰস্তুতি চলাইছে। অহা মাহৰ আগষ্টৰ শেষৰ ফালে সমগ্ৰ দেশতে শিশু যত্নৰ ৰাজসাহায্যৰ বাবে আবেদন মুকলি হোৱাৰ সম্ভাৱনা আছে।
উল্লেখযোগ্য যে যোৱা তিনি বছৰ ধৰি দেশৰ জনসংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পাই আহিছে আৰু ৰাষ্ট্ৰসংঘৰ জনগাঁথনিগত আৰ্হিত অনুমান কৰা হৈছে যে যদি এই হ্ৰাস অব্যাহত থাকে তেন্তে ২১০০ চনৰ ভিতৰত আজিৰ ১৪০ কোটিৰ পৰা ৮০ কোটিলৈ হ্ৰাস পাব।
যোৱা বছৰ চীনত ৯৫.৪ লাখ শিশুৰ জন্ম হৈছিল, যিটো ২০১৬ চনৰ আধা। বিশেষ কথাটো হ’ল ২০১৬ চনত চীনে তিনি দশক ধৰি চলি থকা এক সন্তান নীতিৰ অন্ত পেলাইছিল। শেহতীয়া বছৰবোৰত চীনতো বিবাহৰ হাৰ ভয়ংকৰভাৱে হ্ৰাস পোৱা দেখা গৈছে আৰু বেছিভাগ যুৱ দম্পতীয়ে সন্তান জন্ম দিয়াৰ বাবে হোৱা বৃহৎ খৰচ আৰু কেৰিয়াৰ সম্পৰ্কীয় চিন্তাৰ বাবে সন্তান জন্ম দিয়াৰ পৰা আঁতৰি থাকে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
