কিয়েভ, ২৭ ডিচেম্বৰ (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ মাজত ফ্ল’ৰিডাত দেওবাৰে অনুষ্ঠিত হ’বলগীয়া গুৰুত্বপূৰ্ণ শান্তি বৈঠকৰ পূৰ্বে ৰাছিয়াই ইউক্ৰেইনত বৃহৎ আক্ৰমণ চলাইছে। ২৭ ডিচেম্বৰত ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ধাৰাবাহিকভাৱে মিছাইল আৰু ড্ৰ’ন আক্ৰমণ চলায়। মহানগৰীৰ লগতে দাঁতিকাষৰীয়া অঞ্চলত কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা যায়।
চাৰি বছৰীয়া ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ আটাইতকৈ গুৰুত্বপূৰ্ণ হ’ব বুলি আশা কৰা এই সপ্তাহৰ শেষৰ দিনটো শুকুৰবাৰৰ পৰা ইউক্ৰেইনৰ ৰাজধানী কিয়েভত বিমান আক্ৰমণৰ চাইৰেনৰ শব্দৰে আৰম্ভ হয়। মিডিয়া গ্ৰুপ কিয়ভ ইণ্ডিপেণ্ডেণ্টৰ মতে, ৭ ডিচেম্বৰৰ নিশা ৰাছিয়াই কিয়েভত কেইবাটাও হাইপাৰছ’নিক মিছাইল, চাৰিটা বেলিষ্টিক মিছাইল আৰু কেইবাটাও ক্ৰুজ মিছাইল নিক্ষেপ কৰে, তাৰ পিছতে বৃহৎ বেলিষ্টিক মিছাইল আক্ৰমণ কৰে।
ৰাজধানী আৰু কিয়েভ অব্লাষ্টত কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা যায়। কিয়েভৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ উত্তৰ দিশত অৱস্থিত ভিছহোৰোডৰ এটা উচ্চ অট্টালিকাৰ কিছু অংশ ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে কিয়েভ অব্লাষ্টৰ বৰিছপিল জিলাত কেইবাটাও গুদাম আৰু দুখন গাড়ীৰ ক্ষতিসাধন হয়।
কিয়েভ অব্লাষ্টৰ গৱৰ্ণৰ মাইকোলা কালাছনিকে ৰাছিয়াৰ এই আক্ৰমণ নিশ্চিত কৰি কয় যে জটিল আন্তঃগাঁথনি পুনৰবাৰ আক্ৰমণ কৰা হৈছে। পশ্চিম ইউক্ৰেইনৰ ইভানো-ফ্ৰেংকিভস্ক অব্লাষ্টত সংঘটিত হোৱা এই আক্ৰমণত এজন লোক আহত হৈ চিকিৎসালয়লৈ লৈ যোৱা হয়।
ইফালে ইউক্ৰেইনৰ বায়ুসেনাই কেইবাটাও অঞ্চলত ৰাছিয়াৰ ড্ৰ’ন আৰু মিছাইলৰ ভাবুকি অব্যাহত থকাৰ সতৰ্কবাণী দিছে। বায়ুসেনাই কিয়ভ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত সক্ৰিয় ড্ৰ’ন পৰ্যবেক্ষণ কৰে। বায়ুসেনাৰ তথ্য অনুসৰি কিয়েভ চহৰৰ ওপৰেৰে ড্ৰ’ন দেখা পোৱাৰ বিপৰীতে পশ্চিম কিয়েভ অঞ্চলৰ ভেলিকা ড্মিৰ্কা আৰু পেৰেইয়াস্লাভ গাঁৱতো ড্ৰ’নৰ কাৰ্যকলাপ ৰেকৰ্ড কৰা হৈছে।
শুকুৰবাৰে ৰাছিয়াৰ শেহতীয়া আক্ৰমণৰ পূৰ্বে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কৈছিল যে ট্ৰাম্পৰ সৈতে হোৱা বৈঠকৰ ফলত শান্তি চুক্তি হ’ব পাৰে। ইউক্ৰেইন আৰু আমেৰিকাৰ বিষয়াসকলে প্ৰস্তুত কৰা ২০ দফীয়া শান্তি পৰিকল্পনা প্ৰায় সাজু হৈছে। ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁৰ অনুমোদন অবিহনে কোনো শান্তি চুক্তি কাৰ্যকৰী নহ’ব বুলি উল্লেখ কৰিছে।
মন কৰিবলগীয়া যে বিগত চাৰি বছৰ ধৰি চলি থকা ৰাছিয়া-ইউক্ৰেইন যুদ্ধ বন্ধ কৰাৰ কূটনৈতিক প্ৰচেষ্টাৰ মাজতে দেওবাৰে ফ্ল’ৰিডাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ মাজত গুৰুত্বপূৰ্ণ শান্তি আলোচনা অনুষ্ঠিত হোৱাৰ কথা। ৰাছিয়া-ইউক্ৰেইন যুদ্ধ বন্ধ কৰাৰ বাবে আমেৰিকাকে ধৰি বহু দেশে কূটনৈতিক প্ৰচেষ্টা চলাই আছে আৰু ইয়াৰ ভিতৰত ভাৰতো আছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
