ছিংগাপুৰ, ১৮ জানুৱাৰী (হি.স.)। গুৰুতৰ দুৰ্নীতিৰ অভিযোগৰ সন্মুখীন হোৱা ভাৰতীয় মূলৰ ছিংগাপুৰৰ পৰিবহণ মন্ত্ৰী এছ ইশ্বৰনে মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে। দ্য ষ্ট্ৰেইটছ টাইমছৰ তথ্য অনুসৰি ৬১ বছৰীয়া ইশ্বৰনে শাসকীয় পিপলছ একচন পাৰ্টি (পিএপি) আৰু সংসদৰ সদস্যপদৰ পৰাও পদত্যাগ কৰিছে।
দুৰ্নীতিৰ অভিযোগৰ মাজতে বিগত বৰ্ষৰ ১১ জুলাইত গ্ৰেপ্তাৰ হৈছিল ইশ্বৰনক। ইয়াৰ পিছত প্ৰধানমন্ত্ৰী লুঙৰ নিৰ্দেশত ইশ্বৰণৰ দৰমহা ৮২ শতাংশ কৰ্তন কৰা হয়। আজিকালি ইশ্বৰন জামিনত আছে। কিন্তু পৰিবহণ মন্ত্ৰী হৈ থকাৰ সময়ত কোভিড মহামাৰীৰ পিছত ছিংগাপুৰক এয়াৰ হাব হিচাপে পুনৰ নিৰ্মাণ কৰাৰ বাবে ইশ্বৰনে অতিশয় প্ৰশংসা লাভ কৰিছিল।
হিন্দুস্থান সমাচাৰ/সঞ্জীৱ/মনোজ/অৰবিন্দ
