ৱাশ্বিংটন, ১৬ অক্টোবৰ (হি.স.)। গাজাপট্টীত সন্ত্ৰাসবাদী সংগঠন হামাছ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতিৰ স্থপতি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে যিকোনো পৰিস্থিতিত হামাছে নিজৰ অস্ত্ৰ-শস্ত্ৰ আত্মসমৰ্পণ কৰিব লাগিব। তেওঁ আশ্বাস দিয়ে যে হামাছক নিৰস্ত্ৰ কৰিবলৈ আমেৰিকাৰ সেনাৰ প্ৰয়োজন নহ’ব।
এবিচি নিউজৰ এক প্ৰতিবেদন অনুসৰি বুধবাৰে ট্ৰাম্পে পুনৰ কয় যে, আমি বিচাৰো হামাছে অস্ত্ৰ-শস্ত্ৰ এৰি দিয়ক। হামাছে তেনে কৰিবলৈ সন্মত হৈছে। এতিয়া হামাছে তেনে কৰিব লাগিব। যদি তেওঁলোকে নকৰে তেন্তে আমি তেওঁলোকক তেনে কৰিবলৈ বাধ্য কৰিম। তেওঁ দৃঢ়তাৰে কয় যে আমেৰিকাৰ সামৰিক জড়িততাৰ প্ৰয়োজন নহ’ব।
ইয়াৰ পূৰ্বে মঙলবাৰে ট্ৰাম্পে উল্লেখ কৰিছিল যে উগ্ৰপন্থী সংগঠনটোৰ নিৰস্ত্ৰকৰণ গাজাৰ শান্তি প্ৰস্তাৱৰ এক মূল অংশ। প্ৰথম পৰ্যায়ৰ যুদ্ধবিৰতি চুক্তিত এই কথাত গুৰুত্ব দিয়া হোৱা নাছিল। ইফালে, আগন্তুক দিনত ইজৰাইলত আমেৰিকাৰ নেতৃত্বত এটা সমন্বয় কেন্দ্ৰ (কমাণ্ড চেণ্টাৰ) কাৰ্যক্ষম হ’ব বুলি উল্লেখ কৰিছে দুই আমেৰিকান বিষয়াই। ইয়াৰ দ্বাৰা গাজাত যুদ্ধবিৰতি চুক্তি ৰূপায়ণৰ তদাৰক কৰা হ’ব। প্ৰথম অৱস্থাত এই কমাণ্ড চেণ্টাৰৰ নেতৃত্বত থাকিব এজন আমেৰিকান থ্ৰী ষ্টাৰ জেনেৰেল। বিষয়াসকলে কয় যে কমাণ্ডাৰজনৰ এজন বিদেশী ডেপুটিও থাকিব, যিটো দুই তাৰকা বিষয়াৰ সমতুল্য।
ইফালে ইজৰাইলৰ জ্যেষ্ঠ বিষয়াসকলে হামাছে শান্তি চুক্তি ৰূপায়ণত বাধাৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰিছে। ইজৰাইলৰ বিষয়াসকলৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপে বুধবাৰে আমেৰিকাৰ জ্যেষ্ঠ উপদেষ্টাসকলে কয় যে গাজাত যুদ্ধৰ অন্ত পেলোৱা শান্তি চুক্তিখন চলি থকা যেন লাগে। তেওঁলোকে লগতে কয় যে হামাছে বাকী থকা পণবন্দীসকলৰ মৃতদেহ ঘূৰাই অনাৰ বাবে সকলো প্ৰচেষ্টা চলাইছে।
আমেৰিকাৰ জ্যেষ্ঠ উপদেষ্টাসকলে কয় যে আমি বহুতে কোৱা শুনিছো যে ‘জানেনে, হামাছে চুক্তিখন উলংঘা কৰিছে কাৰণ সকলো মৃতদেহ ঘূৰাই দিয়া হোৱা নাই।’ আমি বিশ্বাস কৰোঁ যে তেওঁলোকৰ সৈতে আমাৰ চুক্তি হৈছিল যে আমি সকলো জীৱিত পণবন্দীক মুকলি কৰি দিম, যিটো তেওঁলোকে সন্মান জনাইছিল, আৰু বৰ্তমান আমাৰ এটা ব্যৱস্থা আছে য’ত আমি মধ্যস্থতাকাৰীৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছো আৰু তেওঁলোকৰ সৈতে কাম কৰি যিমান পাৰি সিমান মৃতদেহ উলিয়াই আনিবলৈ আমাৰ সাধ্য অনুসৰি কাম কৰিছো।’ উপদেষ্টাসকলে কয় যে তেওঁলোকৰ মতে দুয়োপক্ষই এই চুক্তিত অটল থাকিব বিচাৰে।
हिन्दुस्थान समाचार
