টাইপেই, ১৩ জানুৱাৰী (হি.স.)। আজি পুৱা ৮ বজাৰ পৰা টাইৱানত ৰাষ্ট্ৰপতি আৰু বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হয়। বিয়লি ৪ বজালৈকে লোকসকলে তেওঁলোকৰ ভোটাধিকাৰ ব্যৱহাৰ কৰিব পাৰিব। স্থানীয় কাকত টাইপেই টাইমছৰ মতে, ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰতিজন যোগ্য ভোটাৰে এটাকৈ ভোট দিব, আনহাতে বিধানসভা নিৰ্বাচনৰ বাবে দুটা ভোট দিব।
টাইৱান নিৰ্বাচন আয়োগৰ অধ্যক্ষ লি চিন-ইউঙে জনোৱা মতে, শনিবাৰে সন্ধিয়া ভোটদানৰ ফলাফল ঘোষণা হোৱাৰ সম্ভাৱনা আছে। আয়োগৰ তথ্য অনুসৰি ৰাষ্ট্ৰপতি পদৰ বাবে মুঠ ১৯,৫৪৮,৫৩১ জন লোকে ভোটদানৰ যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে অতিৰিক্ত ১৭,৪৭৬ জন লোকে বিধায়কৰ বাবে ভোট দিব পাৰিব।
উল্লেখযোগ্য যে চীনৰ সৈতে ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে টাইৱানত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হৈছে। সমগ্ৰ বিশ্বৰ চকু এই নিৰ্বাচনত নিবদ্ধ। বিগত আঠ বছৰত চীনে টাইপেইক আক্ৰমণৰ ভাবুকি দিয়াৰ ফলত টাইৱানৰ উদ্বেগ বৃদ্ধি পাইছে। টাইৱানৰ জনসাধাৰণে দেশৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি ছাই ইং-ৱেনৰ উত্তৰাধিকাৰীক বাছি ল’ব। ২০১৬ আৰু ২০২০ চনৰ নিৰ্বাচনত জয়ী হৈ ৰাষ্ট্ৰপতি হৈছিল ছাই ইং-ৱেন। এইবাৰ নিৰ্বাচনত তিনিজন মূল প্ৰাৰ্থী আছে – ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি (ডিপিপি)ৰ পৰা লাই চিং-টে, কুওমিন্টাং (কেএমটি)ৰ পৰা হু-ইউ-ইহ আৰু টাইৱান পিপলছ পাৰ্টিৰ (টিপিপি) কো-ৱেন-জে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
