টকিঅ’, ২৯ অক্টোবৰ (হি.স.)। জাপানৰ পৰা ৰাছিয়াৰ তৰলীকৃত প্ৰাকৃতিক গেছ (এল এন জি) আমদানি নিষিদ্ধ কৰাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ অনুৰোধ নাকচ কৰিছে জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইচিয়ে। তেওঁ ট্ৰাম্পক কয় যে ৰাছিয়াৰ এল এন জি আমদানিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাটো কঠিন হ’ব। শেহতীয়াকৈ ট্ৰাম্পে জাপান ভ্ৰমণৰ “সফল” ভ্ৰমণৰ সামৰণি মাৰে।
জাপানৰ নিকেই বিজনেছ ডেইলী কাকতে চৰকাৰী বিষয়াৰ উদ্ধৃতি দি বুধবাৰে এই কথা প্ৰকাশ কৰিছে।
কাকতখনৰ মতে, জাপানৰ মুঠ এল এন জি আমদানিৰ মাত্ৰ প্ৰায় ৯ শতাংশহে ৰাছিয়াৰ এল এন জি আৰু ৰাছিয়াৰ ছাখালিন-দ্বিতীয় প্ৰকল্পত জাপানী কোম্পানী মিটছুই আৰু মিটছুবিচিৰ অংশীদাৰিত্ব আছে।
মন কৰিবলগীয়া যে এই সপ্তাহত ট্ৰাম্পৰ এছিয়ান দেশ ভ্ৰমণৰ পূৰ্বে আমেৰিকাই জাপানকে ধৰি ৰাছিয়াৰ শক্তি ক্ৰেতাসকলক আমদানি বন্ধ কৰিবলৈ আহ্বান জনাইছিল আৰু ইউক্ৰেইন যুদ্ধৰ অন্ত পেলোৱাৰ প্ৰয়াসত ৰাছিয়াৰ দুটা বৃহৎ তেল কোম্পানী ৰছনেফ্ট আৰু লুক’ইলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল।
নিক্কেইৰ মতে, যোৱা সপ্তাহত জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা টাকাইচিয়ে ট্ৰাম্পক কয় যে জাপানে পিছুৱাই গ’লে চীন আৰু ৰাছিয়া সন্তুষ্ট হ’ব। জাপানৰ শক্তিৰ প্ৰয়োজনীয়তা বুজিবলৈ আমেৰিকাক আহ্বান জনায় ছানীয়ে।
জাপানে শেহতীয়াকৈ আমেৰিকাৰ পৰা এল এন জি ক্ৰয় বৃদ্ধি কৰিছে কাৰণ ইয়াৰ প্ৰধান যোগানকাৰী অষ্ট্ৰেলিয়াৰ বিকল্প বিচাৰিছে আৰু ৰাছিয়াৰ ছাখালিন-২ এল এন জি প্ৰকল্পৰ সৈতে যোগানৰ চুক্তিৰ ম্যাদ উকলি গৈছে।
২০২৮ চনৰ পৰা ২০৩৩ চনৰ ভিতৰত সাখালিন-২ৰ পৰা অধিকাংশ যোগান শেষ হ’ব।
हिन्दुस्थान समाचार / অৰৱিন্দ
