– ইহুদী সম্প্ৰদায়ৰ লোকে হানুকা উদযাপন কৰি আছিল – এজন আক্ৰমণকাৰী নিহত, আন এজনক গ্ৰেপ্তাৰ
ছিডনী, ১৪ ডিচেম্বৰ (হি.স.)। অষ্ট্ৰেলিয়াৰ ছিডনীৰ বণ্ডি বিচত দেওবাৰে অটোমেটিক ৰাইফলসহ দুজন বন্দুকধাৰীয়ে কমেও ১২ জন লোকক গুলীয়াই হত্যা কৰে। ইয়াৰে এজন বন্দুকধাৰীক আৰক্ষীয়ে গুলীয়াই ধৰাশায়ী কৰাৰ বিপৰীতে আনজনক আহত অৱস্থাত গ্ৰেপ্তাৰ কৰে। প্ৰায় ১০০০ ইহুদী সদস্যই বিলত হানুকা উদযাপন কৰি থকাৰ সময়তে এই কাণ্ড সংঘটিত হয়। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান আৰু ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰপতিৰ লগতে অষ্ট্ৰেলিয়া, ফ্ৰান্স, ইটালী, ইজৰাইল, ব্ৰিটেইনৰ ৰাষ্ট্ৰপতিসকলে এই কাণ্ডক লৈ গভীৰ দুখ প্ৰকাশ কৰিছে।
খবৰ অনুসৰি, হঠাৎ দুই অস্ত্ৰধাৰী আক্ৰমণকাৰীয়ে ৰাইজৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা কৰি আতংক আৰু বিশৃংখলতাৰ সৃষ্টি কৰে। নিৰ্বিচাৰ গুলীচালনাত কমেও ১২ জন লোক নিহত হোৱাৰ লগতে দুডজনৰো অধিক আহত হয়।
আৰক্ষী আয়ুক্ত মেল লেনিয়নে আনুষ্ঠানিকভাৱে ইয়াক “সন্ত্রাসবাদী কাণ্ড” বুলি অভিহিত কৰি কয় যে সেই স্থানত ১০০০ৰো অধিক লোক উপস্থিত আছিল, ইয়াৰে বহুতেই ইহুদীসকলৰ হানুকা উৎসৱ উদযাপন কৰি আছিল। আহত শিশুসহ ২৯ জন লোকক চিকিৎসালয়লৈ লৈ যোৱা হয়। আনহাতে দুজন আৰক্ষী বিষয়াৰ অৱস্থাও সংকটজনক।
লেনিয়নে কয় যে আক্ৰমণকাৰী দুজনৰ ভিতৰত এজন নিহত হৈছে, আৰু আনজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তৃতীয়জন বন্দুকধাৰী জড়িত আছিল নে নাই সেইটো নিৰ্ণয়ৰ বাবে তদন্ত অব্যাহত আছে। তেওঁ কয় যে মৃত আক্ৰমণকাৰীৰ গাড়ীখনত এটা ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আই ই ডি) উদ্ধাৰ কৰা হৈছে। ঘটনাস্থলীত মোতায়েন কৰা হৈছে এটা বোমা নিষ্কাশন ইউনিট।
ইফালে নিউ চাউথ ৱেলছৰ প্ৰধানমন্ত্ৰী ক্ৰীছ মিন্সে কয় যে তেওঁ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজৰ সৈতে কথা পাতিছে আৰু তেওঁ ৰাজ্যখনক সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে। শান্তি আৰু ঐক্যৰ বাবে আবেদন জনোৱাৰ লগতে ঘটনাৰ পুংখানুপুংখ তদন্তৰ আশ্বাস দিয়ে।
অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিছে এই আক্ৰমণক ইহুদীৰ বিৰুদ্ধে কৰা কাপুৰুষালি বুলি অভিহিত কৰে। তেওঁ কয়, এয়া আমাৰ দেশৰ হৃদয়ত আঘাত কৰা এক ইহুদী বিৰোধী আৰু সন্ত্ৰাসবাদী কাৰ্য্য। এই ঘৃণনীয় হিংসা আৰু ঘৃণাৰ কাৰ্য্যৰ কোনো স্থান নাই।
ইহুদীসকলৰ হানুকা উৎসৱৰ সময়ত ছিডনীৰ বণ্ডি বিচত সংঘটিত হোৱা ভয়ানক আক্ৰমণক ইজৰাইলে তীব্ৰ গৰিহণা দিয়ে আৰু প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ গভীৰ শোক প্ৰকাশ কৰে।
ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে এই কাণ্ডক লৈ গভীৰ দুখ প্ৰকাশ কৰি কয় যে, “বণ্ডি বিচত সংঘটিত হোৱা ভয়ানক আক্ৰমণৰ ফলত ক্ষতিগ্ৰস্ত হোৱা সকলোৰে প্ৰতি আমাৰ গভীৰ সমবেদনা।”
ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ভুক্তভোগী, আহত আৰু তেওঁলোকৰ আপোনজনৰ প্ৰতি শোক প্ৰকাশ কৰি কয় যে আমি অষ্ট্ৰেলিয়াৰ জনসাধাৰণৰ দুখত তেওঁলোকৰ সৈতে থিয় দিছো। তেওঁ উল্লেখ কৰে যে ইহুদী বিৰোধী ঘৃণাৰ বিৰুদ্ধে যুঁজখন অব্যাহত থাকিব, যিয়ে আমাৰ সকলোৰে ক্ষতি কৰে, সেয়া য’তেই আঘাত নহওক কিয়।
ইটালীৰ ৰাষ্ট্ৰপতি জৰ্জিয়া মেল’নীয়ে এই ঘটনাক লৈ দুখ প্ৰকাশ কৰে। তেওঁ সকলো ধৰণৰ হিংসা আৰু ইহুদী বিৰোধী মনোভাৱৰ তীব্ৰ নিন্দা কৰি নিহতসকলৰ প্ৰতি গভীৰ সমবেদনা প্ৰকাশ কৰে।
ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে কয় যে, আজি ছিডনীত হানুকা উদযাপনৰ বাবে সমবেত হোৱা ইহুদী পৰিয়ালৰ ওপৰত কৰা এই ভয়ংকৰ আৰু মাৰাত্মক আক্ৰমণত মই গভীৰভাৱে ব্যথিত আৰু মই ইয়াৰ তীব্ৰ নিন্দা কৰিছো। হানুকাৰ প্ৰথম দিনটো শান্তি আৰু পোহৰৰ চমতকাৰ জয়ৰ উতসৱ, বিশ্বজুৰি থকা ইহুদি সম্প্ৰদায়ৰ প্ৰতি মোৰ সমবেদনা জনাইছোঁ।
ইউৰোপীয় সংঘৰ সভানেত্ৰী উৰ্চুলা ভন ডেৰ লেয়েনে নিহতসকলৰ পৰিয়ালৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰি কয় যে, ইউৰোপ অষ্ট্ৰেলিয়া আৰু সমগ্ৰ বিশ্বৰ ইহুদী সম্প্ৰদায়ৰ সৈতে থিয় দিছে। আমি হিংসা, ইহুদী বিৰোধীতা আৰু ঘৃণাৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে থিয় দিছো।
हिन्दुस्थान समाचार / অৰৱিন্দ
