বাগদাদ, ০৯ ডিছেম্বৰ (হি.স.)। ইৰাকৰ এটা অট্টালিকাত সংঘটিত হোৱা অগ্নিকাণ্ডত ১৪ জন লোকৰ মৃত্যু হৈছে। এই ঘটনা শুকুৰবাৰে নিশা অৰ্ধ স্বায়ত্তশাসিত কুৰ্দিস্তানৰ আৰবিল প্ৰদেশৰ ছ’ৰাণ চহৰত সংঘটিত হয়। আনহাতে আন ১৮ জন লোক আহত হয়।
আল জাজিৰা চেনেলে ছ’ৰাণ স্বাস্থ্য বিভাগৰ উদ্ধৃতিৰে জনোৱা মতে, প্ৰথমে এই আৱাসিক ভৱনটোৰ তৃতীয় আৰু চতুৰ্থ মহলাত এই অগ্নিকাণ্ড সংঘটিত হয়। ইয়াত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে বাস কৰিছিল। ইয়াৰ পিছত পাঁচোটা মহলাতে জুই বিয়পি পৰে। প্ৰাথমিক তদন্তৰ পৰা জানিব পৰা গৈছে যে বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হৈছে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
