বেইজিং, ১৩ জানুৱাৰী (হি.স.)। চীনৰ হেনান প্ৰদেশৰ পিংডিংছানত শুকুৰবাৰে বিয়লি প্ৰায় ৩ বজাত কয়লা খনিত সংঘটিত বিস্ফোৰণত ৮ জন লোকৰ মৃত্যু হয়। এই সময়ছোৱাত আন ৮ জন লোক সন্ধানহীন হৈ পৰে। স্থানীয় বাতৰি কাকত চাইনা ডেইলীৰ প্ৰতিবেদন অনুসৰি স্থানীয় বিষয়াসকলে এই দুৰ্ঘটনা নিশ্চিত কৰিছে।
চীন ডেইলীৰ বাতৰি অনুসৰি বিস্ফোৰণৰ সময়ত কয়লা খনিটোত ৪২৫ জন লোক উপস্থিত আছিল। ইয়াৰে ৮ জনৰ মৃত্যু হোৱাৰ বিপৰীতে ৮ গৰাকী নিৰুদ্দেশ হৈছে। বাকী সকলো সুৰক্ষিত। এই বিস্ফোৰণ সংঘটিত হয় টিয়ানান কয়লা খনি কোম্পানী লিমিটেডৰ কয়লা খনিত। একাংশ কয়লা খনিৰ শ্ৰমিকক জিম্মাত ৰাখিছে জনসাধাৰণৰ সুৰক্ষা বিষয়াই।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
