-ইজৰাইলৰ প্ৰস্তাৱ অনুসৰি যদি হামাছে ১৩৬ জন পণবন্দীক পৰ্যায়ক্ৰমে মুকলি কৰি দিয়ে তেন্তে দুমাহৰ বাবে বন্ধ কৰা হ’ব যুদ্ধ
টেল আভিভ, ২৩ জানুৱাৰী (হি.স.)। তিনিমাহতকৈ অধিক সময় ধৰি গাজা ষ্ট্ৰিপত চলি থকা যুদ্ধত এতিয়ালৈকে সৰ্বাধিক ক্ষতিৰ সন্মুখীন হৈছে ইজৰাইলৰ সেনা। ২৪ ঘণ্টাৰ ভিতৰত এই যুদ্ধত ২১ জন জোৱান হতাহত হয়। ইফালে ইজৰাইলে মধ্যস্থতাকাৰীৰ জৰিয়তে পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছক যুদ্ধবিৰতিৰ প্ৰস্তাৱ আগবঢ়াইছে।
দ্য টাইমছ অৱ ইজৰাইলৰ বাতৰি অনুসৰি শনিবাৰে মধ্য গাজাৰ দুটা অট্টালিকাত সংঘটিত বিস্ফোৰণত ২১ জন ইজৰাইল জোৱান নিহত হয়। হামাছৰ এজন সন্ত্ৰাসবাদীয়ে টেংকত ৰকেট চালিত গ্ৰেনেড নিক্ষেপ কৰাৰ ফলত এই বিস্ফোৰণ সংঘটিত হয়। এই যুদ্ধত প্ৰাণ হেৰুওৱা সৈনিকৰ সংখ্যা ২১৯ জন হৈছেগৈ। ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগে কয় যে যুদ্ধত “আমাৰ বহু শ্ৰেষ্ঠ পুত্ৰ” নিহত হৈছে। ই অসহ্যকৰভাৱে কঠিন ৰাতিপুৱা। তেওঁ দেশৰ হৈ ক্ষতিগ্ৰস্ত পৰিয়ালক সান্ত্বনা দিছে।
প্ৰতিৰক্ষা মন্ত্ৰী যোয়াভ গালাণ্টেও কয় যে এইটো এটা “কঠিন আৰু বেদনাদায়ক ৰাতিপুৱা”। গেলেণ্টে কৈছে যে এই যুদ্ধই আগন্তুক দশকবোৰৰ বাবে ইজৰাইলৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব। ইজৰাইল প্ৰতিৰক্ষা বাহিনীৰ মুখপাত্ৰ ৰিয়াৰ এডমিৰেল ডেনিয়েল হাগাৰীয়ে মধ্য গাজাৰ সীমান্তৱৰ্তী সম্প্ৰদায় কিছুফিমৰ ওচৰত সংঘটিত হোৱা এই কাণ্ডত ২১ জন জোৱানৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে।
দ্য ইজৰাইল টাইমছৰ প্ৰতিবেদন অনুসৰি কাটাৰ আৰু ইজিপ্তৰ মধ্যস্থতাকাৰীৰ জৰিয়তে ইজৰাইলে হামাছৰ ওচৰত এটা প্ৰস্তাৱ দাখিল কৰিছে। ইয়াত কোৱা হৈছে যে যদি হামাছে গাজাত বাকী থকা ১৩৬ জন পণবন্দীক পৰ্যায়ক্ৰমে মুকলি কৰি দিবলৈ সন্মত হয় তেন্তে ইজৰাইলে হামাছৰ বিৰুদ্ধে দুমাহৰ বাবে সামৰিক অভিযান বন্ধ কৰিব।
চিএনএনৰ বাতৰি অনুসৰি মোছাদৰ মুৰব্বী ডেভিদ বাৰ্নিয়াই বহল যুদ্ধবিৰতি চুক্তিৰ অংশ হিচাপে হামাছৰ নেতাসকলক গাজা ষ্ট্ৰিপৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ
