
টকিঅ’ (জাপান), ৩০ আগষ্ট (হি.স.)। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাপানত ঘণ্টাত ৩২০ কিলোমিটাৰ বেগত চলা শ্বিনকানচেন বুলেট ট্ৰেইনত উঠি যায়। এই যাত্ৰাত তেওঁৰ লগত আছিল জাপানৰ প্ৰধানমন্ত্ৰী ইছিবাও। ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে এই যাত্ৰাৰ কিছু ফটো তেওঁৰ অফিচিয়েল এক্স হেণ্ডেলত আপলোড কৰিছে।
জাপান ভ্ৰমণৰ দ্বিতীয় দিনটোত প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত লিখিছে, চেণ্ডাই পালোঁ। প্ৰধানমন্ত্ৰী ইছিবাৰ সৈতে শ্বিনকানসেনে এই চহৰলৈ যাত্ৰা কৰিলোঁ। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতলৈও একেধৰণৰ ৰে’ল আনিব বিচাৰিছে। শ্বিনকানচেন বুলেট ট্ৰেইন তেওঁৰ এজেণ্ডাৰ এক গুৰুত্বপূৰ্ণ অংশ।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
