
-৫৫০ বিলিয়ন ডলাৰৰ চুক্তিৰ পৰা আমেৰিকাই ডাঙৰ লাভ পাব, ভাৰতৰ সৈতে আলোচনা এতিয়াও আধৰুৱা
ৱাশ্বিংটন/টকিঅ’, ২৪ জুলাই (হি.স.)। আমেৰিকা আৰু জাপানৰ মাজত এতিয়ালৈকে হোৱা আটাইতকৈ বৃহৎ বাণিজ্যিক চুক্তিখনত প্ৰায় ৫৫০ বিলিয়ন ডলাৰৰ বিনিয়োগ অন্তৰ্ভুক্ত কৰা হৈছে। এই চুক্তিৰ কথা ঘোষণা কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে জাপানে প্ৰথমবাৰৰ বাবে আমেৰিকাৰ বাবে নিজৰ বজাৰ সম্পূৰ্ণৰূপে মুকলি কৰিবলৈ সন্মত হৈছে, আৰু এই পদক্ষেপে আমেৰিকাৰ বাণিজ্যক এক বৃহৎ গতি প্ৰদান কৰিব।
ড’নাল্ড ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ ছ’চিয়েল’ত লিখিছে, যেতিয়া এখন দেশ আমেৰিকাৰ বাবে বজাৰ মুকলি কৰিবলৈ সাজু হ’ব তেতিয়াহে মই এই শুল্ক আঁতৰাই দিম। যদি এনে নহয় তেন্তে অধিক শুল্ক আৰোপ কৰা হ’ব। জাপানৰ উদাহৰণ দি তেওঁ কয় যে এতিয়া তেওঁ শুল্কক কৌশলগত অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে, যাতে আন দেশসমূহে আমেৰিকাৰ সৈতে মুকলিকৈ ব্যৱসায় কৰে।
ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মতে এই চুক্তিয়ে লাখ লাখ নতুন চাকৰিৰ সৃষ্টি কৰিব আৰু ইয়াৰ সুবিধাৰ ৯০ শতাংশ আমেৰিকাই লাভ কৰিব। তেওঁ লগতে জনায় যে জাপানে ১৫% পাৰস্পৰিক শুল্ক কাৰ্যকৰী কৰিবলৈ সন্মত হৈছে, যাৰ ফলত দুয়োখন দেশৰ বাণিজ্যৰ মাজত ভাৰসাম্য ৰক্ষা হ’ব।
ফিলিপাইনছ আৰু ইণ্ডোনেছিয়াৰ সৈতেও চুক্তি
ইয়াৰ সমান্তৰালকৈ ট্ৰাম্পে ফিলিপাইনছ আৰু ইণ্ডোনেছিয়াৰ সৈতেও বাণিজ্যিক চুক্তিৰ কথা ঘোষণা কৰিছে। এতিয়া এই দুখন দেশৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ১৯% শুল্ক আৰোপ কৰা হ’ব। আমেৰিকাৰ বাণিজ্যিক স্বাৰ্থ ৰক্ষাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিক লৈ অনিশ্চয়তা অব্যাহত-
জাপান, ফিলিপাইনছ আৰু ইণ্ডোনেছিয়াৰ সৈতে আমেৰিকাৰ বাণিজ্যিক সম্পৰ্ক আগবাঢ়িছে যদিও ভাৰত আৰু আমেৰিকাৰ মাজত হোৱা বাণিজ্যিক চুক্তিৰ সন্দৰ্ভত ছবিখন এতিয়াও স্পষ্ট হোৱা নাই। বাণিজ্য আলোচনাৰ বাবে আমেৰিকালৈ যোৱা ভাৰতীয় প্ৰতিনিধি দলটো শেহতীয়াকৈ স্বদেশলৈ উভতি আহিছে, আৰু এতিয়া আগষ্টৰ দ্বিতীয় সপ্তাহত আমেৰিকাৰ প্ৰতিনিধি দল ভাৰত ভ্ৰমণ কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
