গাজা চহৰ, ২৮ জুন (হি.স.)। ইজৰাইলে শুকুৰবাৰে নিশা আৰু শনিবাৰে সংঘটিত কৰা শেহতীয়া বিমান আক্ৰমণত গাজাত কমেও ৬২ জন লোকে প্ৰাণ হেৰুৱাইছে। স্বাস্থ্যকৰ্মী আৰু স্থানীয় চিকিৎসালয়সমূহে এই তথ্য নিশ্চিত কৰিছে। নিহতসকলৰ ভিতৰত আছে বহু শিশু, মহিলা আৰু স্থানচ্যুত লোক।
দক্ষিণৰ গাজাৰ চহৰ খান ইউনুছৰ সমীপৱৰ্তী মুৱাছি অঞ্চলৰ এটা টেণ্ট কেম্পত আক্ৰমণ চলোৱাত একেটা পৰিয়ালৰ তিনিটা সন্তান আৰু তেওঁলোকৰ পিতৃ-মাতৃ নিহত হয়। আত্মীয়ই জনোৱা মতে, শুই থকা অৱস্থাতে এই আক্ৰমণ সংঘটিত হয়। শিশুসকলৰ আইতাক ছুৱাদ আবু টাইমাই কান্দি কান্দি ক’লে, এই ল’ৰা-ছোৱালীবোৰে কি কৰিলে? তেওঁলোকৰ কি দোষ আছিল? ঘটনাৰ পিছতে লোকে মৃতদেহ দুটা ফুলেৰে ঢাকি কপালত চুমা খাই বিদায় দিয়ে।
গাজা চহৰৰ পেলেষ্টাইন ষ্টেডিয়ামৰ সমীপত স্থানচ্যুত লোকৰ আশ্ৰয় শিবিৰত আক্ৰমণ চলাই ১২ জন লোকৰ মৃত্যু হয়। ইয়াৰ উপৰিও ওচৰৰ অট্টালিকাত ৮ জন লোকৰ মৃত্যু হয়। এই কথা নিশ্চিত কৰিছে শিফা হাস্পতালৰ কৰ্মচাৰীয়ে। ২০টাতকৈও অধিক মৃতদেহ নাছৰ হাস্পতাললৈ অনা হৈছে।
শনিবাৰে বিয়লি গাজা চহৰৰ পূব অঞ্চলৰ এটা ৰাস্তাতো আক্ৰমণ কৰা হৈছিল, য’ত ১১ জন লোকে প্ৰাণ হেৰুৱাইছিল। তেওঁলোকৰ মৃতদেহ আল-আহলী হাস্পতাললৈ অনা হয়। একে সময়তে মধ্য গাজাৰ বুৰেইজ শৰণাৰ্থী শিবিৰৰ প্ৰৱেশদ্বাৰত সমবেত হোৱা লোকৰ ওপৰত আক্ৰমণত দুজন লোক নিহত হয় আৰু তেওঁলোকক আল-আউদা হাস্পতাললৈ লৈ যোৱা হয়।
গাজাত নিত্য বৃদ্ধি পোৱা আক্ৰমণে ইতিমধ্যে ভয়ংকৰ মানৱীয় সংকট আৰু অধিক ভয়াৱহ কৰি তুলিছে। চিকিৎসালয়ত ঠাইৰ নাটনি হোৱাৰ বাবে মৰ্গত মৃতকৰ বাবে পৰ্যাপ্ত ঠাই বাকী নাথাকে। ৰাষ্ট্ৰসংঘৰ লগতে বিভিন্ন মানৱ অধিকাৰ সংগঠনে যুদ্ধবিৰতি আৰু সাধাৰণ নাগৰিকক সুৰক্ষা প্ৰদানৰ বাবে বাৰে বাৰে আবেদন জনাই আহিছে যদিও হিংসা বন্ধ হোৱা নাই।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
