
ৱেলিংটন, ৩১ জুলাই (হি.স.)। নিউজিলেণ্ডৰ জৰুৰীকালীন ব্যৱস্থাপনা বিষয়াসকলে সকীয়াই দিছে যে দেশখনৰ উপকূলীয় অঞ্চলত চুনামীৰ কাৰ্যকলাপ আৰম্ভ হৈছে। বুধবাৰে সন্ধিয়া দেশজুৰি মোবাইল ফোনত এলাৰ্ট সম্প্ৰচাৰ কৰি মানুহক সাগৰ, উপকূল, বন্দৰ, নদী, উপসাগৰৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হয়।
যদিও এতিয়ালৈকে কোনো অঞ্চলতে বাধ্যতামূলকভাৱে খালী কৰাৰ নিৰ্দেশ জাৰি কৰা হোৱা নাই, তথাপিও বিষয়াসকলে স্পষ্ট কৰি দিছে যে প্ৰবল সাগৰীয় সোঁত আৰু হঠাতে ঢৌৰ উত্থানে মানুহৰ সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে।
ভূমিকম্পৰ কেন্দ্ৰৰ পৰা নিউজিলেণ্ড প্ৰায় ৬,০০০ মাইল দূৰত, কিন্তু বিশেষজ্ঞসকলে কয় যে ভূমিকম্পৰ ফলত সৃষ্টি হোৱা প্ৰথম ধাৰাবাহিক ঢৌটো হয়তো আটাইতকৈ ডাঙৰ নহ’বও পাৰে। আগন্তুক সময়ত আৰু ডাঙৰ ঢৌৱে উপকূলত খুন্দা মাৰিব পাৰে।
বিষয়াসকলে কয় যে এই বিপদ বৃহস্পতিবাৰে বিয়লিলৈকে থাকিব পাৰে আৰু তেতিয়ালৈকে মানুহে সাগৰীয় অঞ্চলৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি থাকিব লাগে।
জৰুৰীকালীন বিভাগে ৰাইজক সাৱধানতা আৰু সংযম সাব্যস্ত কৰিবলৈ আহ্বান জনাই কয় যে যেতিয়ালৈকে এই সতৰ্কবাণী আনুষ্ঠানিকভাৱে বাতিল নোহোৱালৈকে সকলোৱে এই ভাবুকিক বাস্তৱ আৰু গুৰুতৰ বুলি গণ্য কৰিব লাগে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
