টেল আভিভ/জেৰুজালেম, ১০ নৱেম্বৰ (হি.স.)। গাজাপট্টীত যুদ্ধৰ ৩৫ তম দিনা বিশ্ব সমাজক দিয়া প্ৰতিশ্ৰুতি অনুসৰি ইজৰাইলে বিমান আক্ৰমণ বন্ধ কৰিছে। বিমান আক্ৰমণ বন্ধ হোৱাৰ লগে লগে পেলেষ্টাইনী নাগৰিকসকলে গাজাপট্টী এৰিবলৈ আৰম্ভ কৰে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে আজি পুৱা ঘোষণা কৰিছে যে অসামৰিক লোকৰ ক্ষতি হ্ৰাস কৰিবলৈ গাজাত বিমান আক্ৰমণ আপাততঃ বন্ধ কৰা হৈছে। কিন্তু হিজবুল্লাহৰ অপ্ৰৰোচিত কাৰ্য দেখি আইডিএফৰ যুদ্ধ বিমানে লেবাননত বোমা বিস্ফোৰণ কৰি ইয়াৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনি ধ্বংস কৰে।
ইফালে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে স্পষ্ট কৰি দিছে যে ইজৰাইলে গাজা দখল কৰিব নিবিচাৰে। ভৱিষ্যতে গাজাত এখন শক্তিশালী অসামৰিক চৰকাৰৰ প্ৰয়োজন হ’ব, যাতে ৭ অক্টোবৰৰ দৰে আক্ৰমণ পুনৰ নহয়। আন এক প্ৰতিবেদনত কোৱা হৈছে যে গাজাৰ আল-শ্বিফা চিকিৎসালয়ৰ আশে-পাশে ইজৰাইল-হামাছৰ যুদ্ধক লৈ হিউমেন ৰাইটছ ৱাচ গুৰুতৰভাৱে চিন্তিত। হিউমেন ৰাইটছ ৱাচে বিশ্বৰ নেতাসকলক হস্তক্ষেপ কৰিবলৈ আহ্বান জনায়।
শুকুৰবাৰে ইজৰাইলে আক্ৰমণ স্থগিত কৰাৰ পিছতে আমেৰিকাই সকাহৰ হুমুনিয়াহ কাঢ়িছে। তেওঁ আশা কৰিছে যে এতিয়া পণবন্দী নাগৰিকসকলক হামাছৰ বন্দীত্বৰ পৰা মুক্ত কৰাটো সহজ হ’ব। কিছুমান বাতৰি অনুসৰি বৃহস্পতিবাৰে গাজা চহৰত ইজৰাইলী সৈন্য আৰু হামাছৰ সন্ত্ৰাসবাদীৰ মাজত প্ৰায় ১০ ঘণ্টা ধৰি প্ৰত্যক্ষ যুঁজ হৈছিল। এই সময়ত ইজৰাইলে হামাছৰ এটা দুৰ্গ ধ্বংস কৰে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ
