জেনেভা, ২৪ নৱেম্বৰ (হি.স.)। ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰাৰ লক্ষ্যৰে ছুইজাৰলেণ্ডৰ জেনেভাত আমেৰিকা আৰু ইউক্ৰেইনৰ বিষয়াসকলৰ মাজত হোৱা আলোচনাক দেওবাৰে অৰ্থপূৰ্ণ আৰু গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই। প্ৰথম ৰাউণ্ডৰ আলোচনাৰ অন্তত ৰুবিঅ’ই কয় যে এয়া এতিয়ালৈকে সৰ্বোত্তম প্ৰচেষ্টা।
চিএনএনৰ এক প্ৰতিবেদন অনুসৰি ৰুবিঅ’ই কয় যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ২৮ দফীয়া শান্তি প্ৰস্তাৱত কিছু পৰিৱৰ্তন কৰা হৈছে, যিটো ইউক্ৰেইন আৰু ৰাছিয়া দুয়োখন দেশৰ বাবে গ্ৰহণযোগ্য হ’ব লাগে। দেওবাৰে হোৱাইট হাউছে কয় যে ইউক্ৰেইনৰ মতে শান্তি প্ৰস্তাৱত কৰা পৰিৱৰ্তনে নিজৰ ৰাষ্ট্ৰীয় স্বাৰ্থ সুৰক্ষিত কৰে।
ইউক্ৰেইনৰ ভ্লাদিমিৰ জেলেনস্কিয়েও এই আলোচনা ইতিবাচক ফলাফলৰ দিশত আগবাঢ়িছে বুলি আশা প্ৰকাশ কৰে। টেলিগ্ৰামত প্ৰকাশ কৰা এটা ভিডিঅ’ ভাষণত জেলেনস্কিয়ে কয় যে, বহুত পৰিৱৰ্তন হৈছে। আমি যুদ্ধৰ অন্ত পেলোৱাৰ বাবে প্ৰয়োজনীয় পদক্ষেপসমূহৰ ওপৰত অধ্যৱসায়ীভাৱে কাম কৰি আছো। জেলেনস্কিৰ মুখ্য কৰ্মচাৰী এণ্ড্ৰি য়েৰমাকে জেনেভা আলোচনাক সফল বুলি অভিহিত কৰি ট্ৰাম্পৰ এই প্ৰচেষ্টাৰ বাবে ধন্যবাদ জনায়।
হোয়াইট হাউছ আৰু জেলেনস্কিৰ যৌথ বিবৃতিতো জেনেভা আলোচনাক অতি লাভজনক বুলি অভিহিত কৰা হৈছে। বিবৃতিটোত আমেৰিকা আৰু ট্ৰাম্পক অবিৰত প্ৰচেষ্টাৰ বাবেও ধন্যবাদ জ্ঞাপন কৰা হয়। ইফালে, ট্ৰাম্পে কিয়ভক এই প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বৃহস্পতিবাৰলৈকে সময় দিছে। ট্ৰাম্পৰ বিশেষ দূত ষ্টিভ উইটকফ, সেনা সচিব ডেন ড্ৰিস্কল আৰু আন কেইবাজনো বিষয়াৰ সৈতে জেনেভাত ইউক্ৰেইনৰ প্ৰতিনিধি দলৰ সৈতে ৰুবিঅ’ই সাক্ষাৎ কৰে।
জাৰ্মানীৰ চ্যান্সেলৰ ফ্ৰেড্ৰিখ মেৰ্জে কয় যে ট্ৰাম্পৰ সময়সীমাৰ ভিতৰত কোনো চুক্তিত উপনীত হ’ব বুলি তেওঁৰ সন্দেহ আছে। ইফালে, এই প্রস্তাৱৰ বিষয়ে আলোচনাৰ বাবে শীঘ্রে ৰাছিয়াৰ প্রতিনিধি দলটোৰ সৈতে এক সুকীয়া বৈঠক অনুষ্ঠিত হ’ব বুলিও আমেৰিকাৰ এগৰাকী বিষয়াই প্রকাশ কৰে৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে কয় যে এই প্ৰস্তাৱে শান্তি চুক্তিৰ ভিত্তি গঠন কৰিব পাৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ
