কাৰাকাছ, ২৩ অক্টোবৰ (হি.স.)। ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোৱে ঘোষণা কৰিছে যে তেওঁৰ দেশৰ হাতত ৫ হাজাৰ ৰাছিয়াই নিৰ্মিত পৃষ্ঠৰ পৰা পৃষ্ঠলৈ ক্ষেপণাস্ত্ৰ আছে, যিটো আমেৰিকাৰ যিকোনো আক্ৰমণৰ প্ৰতি সঁহাৰি জনাবলৈ সাজু। বুধবাৰে স্থানীয় টিভি চেনেলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মাদুৰ’ই এই দাবী কৰে।
উল্লেখযোগ্য যে ড্ৰাগছ সৰবৰাহৰ সন্দেহত ভেনিজুৱেলাত আমেৰিকান বাহিনীয়ে নাওত বোমা বিস্ফোৰণ অব্যাহত ৰখাৰ সময়তে মাদুৰোৰ এই বক্তব্য প্ৰকাশ কৰিছে। টিভি চেনেলটোৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মাদুৰোৱে কয় যে তেওঁলোকৰ হাতত ৫ হাজাৰ ৰাছিয়া নিৰ্মিত ইগলা এছ মিছাইল আছে, যিয়ে ভেনিজুৱেলাৰ শান্তি আৰু স্বাধীনতা ৰক্ষা কৰিব। তেওঁ লগতে কয় যে যিকোনো সাম্ৰাজ্যবাদী আক্ৰমণৰ প্ৰতি সঁহাৰি জনোৱাৰ ক্ষমতা তেওঁলোকৰ আছে আৰু তেওঁলোকৰ বাহিনীয়ে নিজৰ ভূখণ্ডৰ প্ৰতিটো ইঞ্চি ৰক্ষা কৰিব।
উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মাদুৰোক মানৱ অধিকাৰ খৰ্ব কৰা আৰু আমেৰিকাৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰা একনায়কত্ববাদী বুলি গণ্য কৰে। ট্ৰাম্প প্ৰশাসনে মাদুৰো শাসন ব্যৱস্থাক ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত কৰিছে আৰু ট্ৰাম্পে মাদুৰোক “ড্ৰাগছ লৰ্ড” বুলি অভিহিত কৰিছে। শেহতীয়াকৈ আমেৰিকা বাহিনীয়ে ড্ৰাগছ কঢ়িয়াই নিয়াৰ সন্দেহ কৰা ভেনিজুৱেলাৰ কেইবাখনো নাওত বাৰে বাৰে বোমা বিস্ফোৰণ ঘটাইছে। অৱশ্যে এই সন্দৰ্ভত এতিয়াও আমেৰিকাই কোনো প্ৰমাণ দাঙি ধৰা নাই।
हिन्दुस्थान समाचार / অৰৱিন্দ
