ৱাশ্বিংটন, ৩০ নৱেম্বৰ (হি.স.)। আমেৰিকাৰ বিদেশ সচিব আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ দৰে গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰা হেনৰী কিচিঞ্জাৰৰ বুধবাৰে ১০০ বছৰ বয়সত কানেক্টিকাটৰ নিজৰ বাসগৃহত মৃত্যু হয়। তেওঁ এজন ৰাজনীতিবিদ আৰু সফল কূটনীতিবিদ হিচাপে পৰিচিত। তেওঁ আন্তঃৰাষ্ট্ৰীয় বিষয়ত কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল।
জাৰ্মানীত জন্মগ্ৰহণ কৰা কিচিঞ্জাৰ ইহুদীৰ বিৰুদ্ধে নাজী অভিযানৰ পূৰ্বে পৰিয়ালৰ সৈতে আমেৰিকালৈ আহিছিল। পিছলৈ ১৯৪৩ চনত তেওঁ আমেৰিকাৰ নাগৰিক হয় আৰু বহুতো গুৰুত্বপূৰ্ণ বিশ্বব্যাপী অনুষ্ঠানত আমেৰিকাৰ কাৰ্যকলাপত মুখ্য ভূমিকা পালন কৰে। ভিয়েটনামৰ সৈতে হোৱা শান্তি চুক্তিত হেনৰীয়ে সক্ৰিয় ভূমিকা পালন কৰিছিল।
কিন্তু তেওঁ বহু ডাঙৰ বিতৰ্কতো জড়িত হৈ আছিল য’ত ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত বাংলাদেশৰ জনসাধাৰণৰ গণহত্যাত পাকিস্তানক সমৰ্থন কৰাৰ অভিযোগ উত্থাপন হৈছিল। ইৰাকত আমেৰিকাৰ আক্ৰমণত তেওঁ জৰ্জ বুছ চৰকাৰক সমৰ্থন কৰিছিল। চীনৰ সৈতে আমেৰিকাৰ সম্পৰ্কৰ সমৰ্থক কিচিঞ্জাৰক চীনৰ সৈতে আমেৰিকাৰ কূটনৈতিক আলোচনা আৰম্ভ কৰাৰ কৃতিত্ব দিয়া হয়।
১৯৭৩ চনত কিচিঞ্জাৰক শান্তিৰ নোবেল বঁটাৰ প্ৰস্তাৱ দিয়া হৈছিল যদিও তেওঁ নাকচ কৰিছিল। নোবেল বঁটা বাছনিৰ ক্ষেত্ৰত এইটোৱেই আটাইতকৈ বিতৰ্কিত পৰিঘটনা বুলি গণ্য কৰা হয়।
হিন্দুস্থান সমাচাৰ/সঞ্জীৱ/মনোজ/অৰবিন্দ
