কুৱালালামপুৰ, ২৮ জুলাই (হি.স.)। আজি বিয়লি ইয়াত থাইলেণ্ড আৰু কম্বোডিয়াৰ নেতাসকলে শান্তি আলোচনাত অংশগ্ৰহণ কৰিব। দেশখনৰ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী ফুমথাম ভেচাচাইৰ নেতৃত্বত থাইলেণ্ডৰ আলোচনাপন্থীসকলে মালয়েছিয়াৰ ৰাজধানী কুৱালালামপুৰত উপস্থিত হৈছে। দুয়োখন দেশৰ নেতা হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড জে ট্ৰাম্পৰ সতৰ্কবাণীৰ পিছত তেওঁলোকে শান্তি আলোচনাত সন্মতি প্ৰকাশ কৰিছে।
থাইলেণ্ডৰ বেংকক পোষ্ট কাকতে প্ৰকাশ কৰা অনুসৰি আজি বিয়লি ৩ বজাত কুৱালালামপুৰত দুয়োখন দেশৰ নেতাই শান্তি আলোচনাত মিলিত হ’ব। ইয়াৰ সময়ত এই দুখন দক্ষিণ-পূব এছিয়াৰ দেশৰ মাজত এক দশকৰো অধিক সময়ৰ ভিতৰত হোৱা আটাইতকৈ মাৰাত্মক সংঘাতৰ অন্ত পেলোৱাৰ উপায়ৰ বিষয়ে আলোচনা কৰা হ’ব। শান্তি আলোচনাৰ এই পদক্ষেপ ট্ৰাম্পৰ শুল্ক ভাবুকি দিয়াৰ পিছত দুয়োখন দেশে গ্ৰহণ কৰিছে।
থাইলেণ্ড চৰকাৰৰ মুখপাত্ৰ জিৰায়ু হংছাবৰ মতে, দেশখনৰ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী ফুমথাম ভেচাচাই আৰু কম্বোডিয়াৰ প্ৰধানমন্ত্ৰী হুন মানেটে স্থানীয় সময় অনুসৰি বিয়লি ৩ বজাত (থাইলেণ্ড সময় অনুসৰি ২ বজাত) কুৱালালামপুৰত মুখামুখি হ’ব। এই বৈঠক মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ কাৰ্যালয়ত অনুষ্ঠিত হ’ব। আনোৱাৰে এছ’চিয়েশ্যন অৱ চাউথ ইষ্ট এছিয়ান নেচনছৰ অধ্যক্ষ হিচাপে এই বৈঠকৰ অধ্যক্ষতা কৰিব। উল্লেখযোগ্য যে ২৪ জুলাইৰ পৰা দুয়োখন দেশৰ মাজত যুদ্ধ আৰম্ভ হৈছিল।
ইউৰোপীয় আয়োগৰ সভানেত্ৰী উৰ্চুলা ভন ডেৰ লেয়েনক সাক্ষাৎ কৰাৰ ঠিক পূৰ্বে দেওবাৰে ট্ৰাম্পে সাংবাদিকৰ আগত কয় যে তেওঁ দুয়োখন দেশৰ শীৰ্ষ নেতৃত্বৰ সৈতে কথা পাতিছিল। উল্লেখযোগ্য যে আমেৰিকাৰ সৈতে থাইলেণ্ডৰ বাণিজ্যিক আলোচনাত ৪৬ বিলিয়ন ডলাৰৰ বাণিজ্যিক উদ্বৃত্ত হ্ৰাস কৰাৰ প্ৰয়াসত আমেৰিকাৰ সামগ্ৰীৰ বাবে সম্প্ৰসাৰিত প্ৰৱেশৰ সুবিধা প্ৰদান কৰাটোও অন্তৰ্ভুক্ত।
থাইলেণ্ডৰ দ্য নেচন কাকতত প্ৰকাশ কৰা অনুসৰি মে’ মাহৰ শেষৰ ফালে সীমান্ত সংঘৰ্ষৰ সময়ত কম্বোডিয়াৰ এজন জোৱান নিহত হোৱাৰ পিছত থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। যোৱা ২৪ জুলাইৰ পৰা চলি থকা এই সংঘৰ্ষত এই পৰ্যন্ত দুয়োখন দেশৰ ৩০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে।
তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে সীমা বিবাদ সংঘাতলৈ পৰিণত হোৱাৰ কিছু সময়ৰ পিছতে বৃহস্পতিবাৰে যুদ্ধবিৰতি আলোচনাৰ প্ৰস্তাৱ দিছিল মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমে। চীন আৰু আমেৰিকাই আলোচনাত সহায় কৰাৰ প্ৰস্তাৱ দিছিল। মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমে আজি দুয়োখন দেশৰ মাজত যুদ্ধবিৰতিৰ ক্ষেত্ৰত সহমতত উপনীত হ’ব বুলি আশা প্ৰকাশ কৰিছে বুলি কম্বোডিয়াৰ খ্মেৰ টাইমছ কাকতত প্ৰকাশ পাইছে। ইব্ৰাহিমৰ মতে, তেওঁ ব্যক্তিগতভাৱে দুয়োটা পক্ষক পতিয়ন নিয়াবলৈ চেষ্টা কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
