ৱাশ্বিংটন, ০৯ জানুৱাৰী (হি.স.)। আমেৰিকাৰ টেক্সাছ ৰাজ্যৰ ফ’ৰ্ট ৱৰ্থ চহৰৰ ছেণ্ডমেন চিগনেচাৰ হোটেলত সোমবাৰে বিয়লি সংঘটিত হোৱা বিস্ফোৰণত কমেও ২১ জন লোক আহত হয়। গেছ নিৰ্গত হোৱাৰ বাবেই এই বিস্ফোৰণ সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে।
দ্য নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদন অনুসৰি এই বিস্ফোৰণৰ বাবে ছেণ্ডমেন চিগনেচাৰ হোটেলৰ ব্যাপক ক্ষতিসাধন হৈছে। ফ’ৰ্ট ৱৰ্থ অগ্নিনিৰ্বাপক বাহিনীৰ মুখপাত্ৰ ক্ৰেগ ট্ৰ’জেকে এক সংবাদমেলত কয় যে এজন ব্যক্তিৰ অৱস্থা সংকটজনক।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
