ৱাশ্বিংটন, ২৯ নৱেম্বৰ (হি.স.)। নিজৰ নাগৰিকৰ সুৰক্ষাক অগ্ৰাধিকাৰ হিচাপে উল্লেখ কৰি আমেৰিকাই আফগান পাছপ’ৰ্টত যাত্ৰা কৰা সকলো লোকক ভিছা প্ৰদান বন্ধ কৰি দিছে। ২৬ নৱেম্বৰত হোৱাইট হাউছৰ ওচৰত এজন আফগান নাগৰিকে দুজন প্ৰহৰীক গুলীওৱা কাণ্ডৰ পিছতে ট্ৰাম্প প্ৰশাসনৰ এই পদক্ষেপ লোৱা হৈছে।
আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে আফগান পাছপ’ৰ্টত যাত্ৰা কৰা সকলো লোককে ভিছা প্ৰদান বন্ধ কৰি দিছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰা এটা পোষ্টত আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নেতৃত্বত বিদেশ মন্ত্ৰালয়ে আফগান পাছপ’ৰ্টত যাত্ৰা কৰা সকলো লোকক ভিছা প্ৰদান বন্ধ কৰি দিছে। ইয়াৰ জনসাধাৰণৰ সুৰক্ষা আমেৰিকাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ।
মন কৰিবলগীয়া যে ২৬ নৱেম্বৰত হোৱাইট হাউছৰ সমীপত এজন আফগান নাগৰিকে দুজন গাৰ্ডক গুলীয়াই হত্যা কৰে। ইয়াৰ পিছতে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কঠোৰ স্থিতি গ্ৰহণ কৰি ঘোষণা কৰে যে আমেৰিকা প্ৰশাসনে তৃতীয় বিশ্বৰ পৰা অনুপ্ৰৱেশৰ ওপৰত স্থায়ী নিষেধাজ্ঞা আৰোপ কৰিব, যাৰ ফলত আমেৰিকাৰ ব্যৱস্থাটো সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিবলৈ সময় পাব। তেওঁ লগতে ঘোষণা কৰে যে আমেৰিকাই দেশৰ ভিতৰতে অনাগৰিকসকলক প্ৰদান কৰা ফেডাৰেল সুবিধা আৰু ৰাজসাহায্যৰ অন্ত পেলাব।
हिन्दुस्थान समाचार / অৰৱিন্দ
