ৱাশ্বিংটন, ১৬ আগষ্ট (হি.স.)। ইউক্ৰেইন যুদ্ধৰ অন্ত পেলোৱাৰ সন্দৰ্ভত শুকুৰবাৰে আলাস্কাত অনুষ্ঠিত গুৰুত্বপূৰ্ণ শীৰ্ষ সন্মিলনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত কোনো নিৰ্ণায়ক সহমতত উপনীত হ’ব পৰা নগ’ল। অৱশ্যে দুয়োগৰাকী শীৰ্ষ নেতাই এই বৈঠকক অতি ফলপ্ৰসূ বুলি অভিহিত কৰে। পৰৱৰ্তী বৈঠকৰ বাবে পুটিনে ট্ৰাম্পক মস্কোলৈ আমন্ত্ৰণ জনায়, য’ত ট্ৰাম্পে সন্মতি প্ৰকাশ কৰে।
দ্য মস্কো টাইমছৰ তথ্য অনুসৰি আলাস্কাৰ এলমেনডৰ্ফ-ৰিচাৰ্ডছন সামৰিক ঘাটিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মাজত ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয়। য’ত ট্ৰাম্পৰ সৈতে মাৰ্কো ৰুবিঅ’, উইটকফ আৰু পুটিনৰ সৈতে চাৰ্গেই লাভৰভ, বিত্তমন্ত্ৰী এণ্টন ছিলুৱেনভ আৰু অৰ্থনৈতিক উপদেষ্টা কিৰিল ডিমিট্ৰিয়েভও উপস্থিত আছিল।
ইয়াৰ পূৰ্বে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক এই বহু প্ৰত্যাশিত বৈঠকৰ বাবে আলাস্কাত উপস্থিত হোৱাৰ সময়ত উষ্ম আদৰণি জনোৱা হৈছিল। পুটিন অহাৰ আগতেই ট্ৰাম্পে তাত উপস্থিত হৈছিল আৰু পুটিন অহাৰ পিছত দুয়োজন নেতাই ইজনে সিজনৰ লগত হাত মিলাইছিল। দুয়োগৰাকী নেতাই একেখন গাড়ীতে সন্মিলনস্থলীলৈ ৰাওনা হয়।
শান্তিৰ সন্ধানৰ পটভূমিত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ শীৰ্ষ সন্মিলনত তিনি বছৰতকৈ অধিক সময় ধৰি ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অন্ত পেলোৱাৰ বিষয়টোৰ ওপৰত কেন্দ্ৰীভূত আছিল। প্ৰায় দুঘণ্টা ৪৫ মিনিটৰ আলোচনাৰ অন্তত দুয়োজন নেতাই কয় যে সন্মিলনত তেওঁলোকে ইউক্ৰেইনৰ যুদ্ধৰ অন্ত পেলোৱাৰ দিশত অগ্ৰগতি লাভ কৰিছে যদিও তেওঁলোকে ঐতিহাসিক শান্তি চুক্তিত উপনীত হ’ব পৰা নাই।
যৌথ সংবাদমেলত ট্ৰাম্পে কয় যে তেওঁলোকৰ বৈঠক অতি উপযোগী আছিল আৰু বহু বিষয়তো একমতত উপনীত হৈছিল। যদিও কিছুমান ডাঙৰ বাধাৰ সমাধান এতিয়াও হোৱা নাই, তথাপিও সেইটোতো অগ্ৰগতি হৈছে। চুক্তি চূড়ান্ত নোহোৱালৈকে কোনো চুক্তি বৈধ নহ’ব বুলিও তেওঁলোকে কয়।
ট্ৰাম্পে লগতে কয় যে এই বিষয়ত অনুষ্ঠিত হোৱা আলোচনাৰ সবিশেষ তেওঁ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতেও ভাগ-বতৰা কৰিব আৰু তেওঁ নাটোৰ সৈতেও কথা পাতিব। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এই বিষয়ত শীঘ্ৰে পুনৰ বৈঠকত মিলিত হ’ব বুলি আশা প্ৰকাশ কৰে।
এই সময়তে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ট্ৰাম্পক ৰাছিয়ালৈ আহিবলৈ আমন্ত্ৰণ জনাই কয়, ‘পৰৱৰ্তীবাৰ মস্কোত।’ যাৰ উত্তৰত ট্ৰাম্পেও কয় যে তেওঁ সেইটো হোৱা দেখিব পাৰে। ইউক্ৰেইনৰ ভৌগোলিক অৱস্থান তেওঁৰ দেশৰ নিৰাপত্তাৰ বাবে এক মৌলিক ভাবুকি বুলি পুনৰ কয় পুটিনে। তেওঁ কয় যে এই বিষয়ত সকলো প্ৰাথমিক কাৰণ নাইকিয়া কৰিহে স্থায়ী আৰু দীৰ্ঘম্যাদী চুক্তি হ’ব পাৰে। তেওঁ কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্পে ইউক্ৰেইনৰ নিৰাপত্তা নিশ্চিত কৰাৰ আলোচনাক আদৰণি জনাইছে আৰু আশা কৰিছে যে আজি আলোচনা কৰা বিষয়সমূহে শান্তিৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
