কাঠমাণ্ডু, ১৪ জুলাই (হি.স.)। প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি চৰকাৰৰ সমৰ্থন প্ৰত্যাহাৰ কৰা নাগাৰিক উন্মুক্তি পাৰ্টিৰ সাংসদ অৰুণ কুমাৰ চৌধাৰীয়ে মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে। তেওঁৰ পদত্যাগ এতিয়াও মানি লোৱা হোৱা নাই।
এসপ্তাহ পূৰ্বে নাগৰিক উন্মুক্তি পাৰ্টিয়ে অলি চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিছিল। ইয়াৰ লগতে দলৰ হৈ চৰকাৰৰ অংশীদাৰ অসামৰিক বিমান পৰিবহণ আৰু পৰ্যটন বিভাগৰ ৰাজ্যিক মন্ত্ৰী অৰুণ কুমাৰ চৌধুৰীয়েও প্ৰধানমন্ত্ৰীৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে।
পাঁচদিন পূৰ্বে প্ৰধানমন্ত্ৰীক পদত্যাগ পত্ৰ দাখিল কৰা বুলি চৌধুৰীয়ে প্ৰকাশ কৰিছে। এই পদত্যাগ মানি লোৱা নাই প্ৰধানমন্ত্ৰীয়ে। তেওঁ চৰকাৰী বাহন আৰু নিৰাপত্তাৰক্ষীকো ঘূৰাই দিছে।
নাগৰিক উন্মুক্তি পাৰ্টিৰ চাৰিজন সাংসদ আছে। পাঁচজন সাংসদ থকা জনতা সমাজবাদী পাৰ্টি নেপালেও অলি চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিছে। দুয়োটা দলে সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পিছতো প্ৰতিনিধি সদনত চৰকাৰৰ সংখ্যাগৰিষ্ঠতা আছে । কিন্তু ৰাষ্ট্ৰীয় সভাত সংখ্যালঘু হৈ আহিছে চৰকাৰ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
