তেহৰাণ/বেইৰুট, ২২ জুন (হি.স.)। ইৰাণৰ ৰাজধানী তেহৰাণত সংঘটিত কৰা ইজৰাইলৰ বিমান আক্ৰমণত নিহত হয় লেবাননৰ সশস্ত্ৰ সংগঠন হিজবুল্লাহৰ জ্যেষ্ঠ সদস্য আবু আলী খলিল। তেওঁ আছিল সংগঠনটোৰ প্ৰয়াত মুৰব্বী হাছান নছৰল্লাৰ দেহৰক্ষী। খলিলৰ লগতে ইৰাণ সমৰ্থিত ইৰাকী সশস্ত্ৰ সংগঠন কাতাইব ছায়িদ আল শূহাদাৰ নিৰাপত্তাৰক্ষী মুৰব্বীৰো মৃত্যু হয়।
লেবাননৰ এক জ্যেষ্ঠ নিৰাপত্তা সূত্ৰই জনোৱা মতে, আবু আলী খলিলে ইৰাকলৈ ধৰ্মীয় ভ্ৰমণত আছিল, য’ত তেওঁ কাতাইব গোটৰ নেতাক লগ ধৰিছিল। দুয়োজনেই একেলগে তেহৰাণত উপস্থিত হৈছিল আৰু তাতেই খলিলৰ পুত্ৰৰ সৈতে ইজৰাইলৰ আক্ৰমণত নিহত হয়।
কাতাইব ছায়িদ আল শূহাদাই এক বিবৃতি জাৰি কৰি এই আক্ৰমণ আৰু দুয়োজন সদস্যৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে।
ইফালে বেইৰুটৰ দক্ষিণ উপকণ্ঠ অঞ্চল ডাহিয়েহত শোকৰ পৰিৱেশ বিৰাজ কৰিছে। ইয়াত ক্ষুদ্ৰ অস্ত্ৰৰ পৰা এয়াৰ ফায়াৰিং আৰু ট্ৰেচাৰ ৰাউণ্ড গুলি বৰ্ষণ কৰা হৈছিল, যিটো শোক প্ৰকাশৰ পৰম্পৰাগত পদ্ধতি।
মন কৰিবলগীয়া যে বেইৰুটৰ দক্ষিণ উপকণ্ঠ অঞ্চলত ইজৰাইলৰ বিমান আক্ৰমণত হাছান নছৰল্লাহৰো মৃত্যু হয়। ইৰাণ আৰু ইজৰাইলৰ মাজত বিগত ৯ দিন ধৰি অবিৰতভাৱে চলি আছে এই সংঘৰ্ষ। ইজৰাইলে দাবী কৰিছে যে ইৰাণে দ্ৰুতগতিত পাৰমাণৱিক অস্ত্ৰৰ দিশত আগবাঢ়িছে, আনহাতে তেহৰানে এই অভিযোগ বাৰে বাৰে অস্বীকাৰ কৰি পাৰমাণৱিক অস্ত্ৰ নিবিচাৰে বুলি কৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
