শিৱসাগৰ, ২৭ আগষ্ট (হি.স.)। অসম অনুসূচীত জাতি পৰিষদ নাজিৰা জিলা সমিতি আৰু সুদৰ্শন নাট্য গোষ্ঠীৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত গ্ৰীষ্মকালীন ভাওনা আৰু খোলবাদন কৰ্মশালাৰ লগত সংগতি ৰাখি শিশু সকলৰ দ্বাৰা আৰু সুদৰ্শন নাট্য গোষ্ঠীৰ দ্বাৰা দুখনকৈ ভাওনা প্ৰদৰ্শন কৰা হয়। য’ত দুয়োখন ভাওনাই দৰ্শকসকলক বিশেষভাৱে আকৰ্ষণ কৰা দেখা যায়। গুৰুজনাৰ তিথিৰ লগত সংগতি ৰাখি এই সমাৰোহ অনুষ্ঠিত কৰা হয়। অতি আগ্ৰহেৰে শিশুসকলে ভাও ধৰা ৰুক্মিণী হৰণ ভাওনাখনে ৰাইজক বিশেষভাৱে আকৰ্ষণ কৰা দেখা যায়। ইয়াৰ সমান্তৰালভাৱে সুদৰ্শন নাট্য গোষ্ঠীৰ দ্বাৰা প্ৰদৰ্শন কৰা গজকেতু উপাখ্যান ভাওনাখনো দৰ্শকে অতি আগ্ৰহেৰে চোৱা দেখা যায়। শিৱসাগৰ জিলাৰ ওপৰ নাজিৰা বৰ নামঘৰত এই দুখন ভাওনা প্ৰদৰ্শন কৰা হয়।
উল্লেখ্য যে শিৱসাগৰবাসীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অনুপম সৃষ্টিক ধৰি ৰখাৰ প্ৰয়াস অব্যাহত ৰাখিছে । নাজিৰাত একেদিনাই প্ৰদৰ্শন কৰিলে দুখনকৈ ভাওনা। অসমৰ সমাজ ব্যৱস্থাত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ বিশেষ অৱদান আছে। অসমীয়া সমাজখনত শক্তিশালী ৰূপত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি থৈ গৈছে শংকৰদেৱ গুৰুজনাই। বিশেষকৈ ধৰ্মীয়, সাংস্কৃতিক ক্ষেত্ৰখনত অসমীয়া সমাজখনক নিজস্ব জাতীয় চেতনাৰে আগবাঢ়ি যাবৰ বাবে এটি সুন্দৰ পথ দেখুৱাই থৈ গ’ল মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ দুয়োজন গুৰুৱে।
দুয়োজনা গুৰুৱে অসমীয়া সমাজখনৰ বাবে দি থৈ যোৱা অৱদানসমূহ আজিও আমাৰ উঠি অহা প্ৰজন্মই অতি উৎসাহেৰে আদৰি লৈছে। অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰখনক উজ্জীৱিত কৰি তোলাৰ উদ্দেশ্যে বৰ্তমান উঠি অহা প্ৰজন্ম বেছিভাগেই গুৰুদুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ আগবাঢ়ি যোৱা দেখা গৈছে। এইক্ষেত্ৰত বিভিন্ন সামাজিক অনুষ্ঠানসমূহেও উঠি অহা প্ৰজন্মৰ কথা ভাবিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি গৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
