আমাজন এম জি এম ষ্টুডিঅ’ ইণ্ডিয়াৰ আগন্তুক ছবি ‘নিশাঞ্চি’ই প্ৰথম দৃষ্টিৰ পৰাই দৰ্শকৰ মাজত উত্তেজনাৰ সৃষ্টি কৰিছে। একচন, নাটক আৰু কমেডীৰ প্ৰচণ্ড মিশ্ৰণে এই ছবিখনক মছলা মনোৰঞ্জক কৰি তুলিছে। টিজাৰটোত দেখা গৈছে যে দুজন ভাতৃৰ কাহিনীৰ আভাস পোৱা গৈছে, কিন্তু তেওঁলোকৰ চিন্তাধাৰা, অগ্ৰাধিকাৰ আৰু জীৱনৰ পথ ইটোৱে সিটোৰ পৰা সম্পূৰ্ণ পৃথক। দুয়োৰে সিদ্ধান্তই পিছলৈ তেওঁলোকৰ ভাগ্য সলনি কৰে।
এতিয়া এই উত্তেজনা বৃদ্ধি কৰি ছবিখনৰ এখন নতুন পোষ্টাৰ মুকলি কৰা হৈছে, য’ত প্ৰকাশ পাইছে যে ‘নিশাঞ্চি’ৰ টিজাৰ কাইলৈ অৰ্থাৎ ৮ আগষ্টত মুক্তি পাব। ‘নিশাঞ্চি’ৰ জৰিয়তে অভিনেতা হিচাপে শক্তিশালী আত্মপ্ৰকাশ কৰিবলৈ ওলাইছে ঐশ্বৰ্য থাকৰে, আৰু সেয়াও প্ৰত্যাহ্বানমূলক দ্বৈত চৰিত্ৰত। তেওঁৰ সৈতে পৰ্দা শ্বেয়াৰ কৰিব বেদিকা পিণ্টো, মনিকা পানোৱাৰ, মহম্মদ জীশান আয়ুব আৰু কুমুদ মিশ্ৰ, যিসকলে সকলোৱে নিজৰ নিজৰ চৰিত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব।
জাৰ পিকচাৰ্ছৰ বেনাৰত অজয় ৰায় আৰু ৰঞ্জন সিঙৰ প্ৰযোজক ছবিখনৰ পৰিচালনা অনুৰাগ কাশ্যপৰ। ১৯ ছেপ্টেম্বৰৰ পৰা ছবিগৃহত মুক্তি পাব ‘নিশাঞ্চি’।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
