ঘূৰ্ণীবতাহৰ ফলত যথেষ্ট প্ৰভাৱিত হৈছে তামিলনাডু। ধাৰাসাৰ বৰষুণৰ ফলত চেন্নাইত বানপানীৰ সৃষ্টি হয়। চেন্নাইৰ বহু নিম্নভূমি অঞ্চলত জমা হৈছে পানী। ছুপাৰষ্টাৰ ৰজনীকান্তৰ ঘৰতো বানপানী সোমাইছে। ইয়াৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। চেন্নাইৰ প’জ গাৰ্ডেন এলেকাত অভিনেতা ৰজনীকান্তৰ ঘৰ।
ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে ৰজনীকান্তৰ ঘৰৰ সমীপত পানী জমা হৈছে। ঘৰৰ সন্মুখৰ পথটো ডুব গৈছে। ধুমুহাৰ সময়ত ৰজনীকান্ত আৰু তেওঁৰ পৰিয়াল চেন্নাইত নাছিল। তেওঁৰ ঘৰৰ ভিডিঅ’টো আপলোড কৰিছে তেওঁৰ এজন অনুৰাগীয়ে। বৰ্তমান থালাইভাৰ ১৭০ৰ শ্বুটিঙত ব্যস্ত ৰজনীকান্ত। এই ছবিখনৰ শ্বুটিঙৰ বাবে তেওঁ বাহিৰত আছিল।
বলীউডৰ মিষ্টাৰ পাৰ্ফেকচনিষ্ট অৰ্থাৎ অভিনেতা আমিৰ খানো চেন্নাইৰ বানত আবদ্ধ হৈ পৰে। অভিনেতা বিষ্ণু বিশালে ছচিয়েল মিডিয়াত চেন্নাই অগ্নিনিৰ্বাপক বাহিনীয়ে উদ্ধাৰ কৰা ফটো এখন পোষ্ট কৰে। সেই ফটোখনত আমিৰ খানক দেখি সকলোৱে আচৰিত হৈছিল।
চেন্নাই আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ আকাশী পৰিদৰ্শন আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী ষ্টেলিনৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকৰ অন্তত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, ‘তামিলনাডুত ধুমুহা আৰু বানপানীৰ ফলত জনহানিৰ ঘটনাত প্ৰধানমন্ত্ৰী মোদীয়ে গভীৰ ব্যথা প্ৰকাশ কৰিছে আৰু প্ৰথম কিস্তিৰ ৪৫০ কোটি টকা ইতিমধ্যে দিয়া হৈছে।
প্ৰধানমন্ত্ৰী মোদীয়ে দ্বিতীয় কিস্তিৰ ৪৫০ কোটি টকা আদায় দিবলৈ নিৰ্দেশ দিছে। মিচং ঘূৰ্ণীবতাহৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হোৱা তামিলনাডুৱে কেন্দ্ৰৰ পৰা ৫৬০০ কোটি টকাৰ সাহায্য বিচাৰিছিল। চেন্নাইকে ধৰি আন কিছুমান জিলাৰ কিছু অংশ এতিয়াও পানীৰ তলত আছে। চেন্নাই, তিৰুৱল্লুৰ, কাঞ্চিপুৰম আৰু চেংগালপেট জিলাত দ্ৰুত গতিত চলি আছে সাহায্যৰ কাম।
হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ
