কামৰূপ, ২৪ জুন (হি.স.)। আন্তঃৰাষ্ট্ৰীয় ছবি পৰিচালিকা ৰীমা দাসে আন এক সাফল্য লাভ কৰিছে । নিউয়ৰ্ক ইণ্ডিয়ান ফ্লিম ফেষ্টিভেলত উজলি উঠিছে ৰীমা দাস। ২৫ সংখ্যক নিউয়ৰ্ক ইণ্ডিয়ান ফ্লিম ফেষ্টিভেলত ভিলেজ ৰকষ্টাৰ-২ ছবিৰ বাবে ৰীমা দাসে লাভ কৰিলে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান।
ইতিমধ্যে ভিলেজ ৰকষ্টাৰ, বুল বুল কেন চিং- আদি ছবিৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱবোৰত খলকনিৰ সৃষ্টি কৰিছিল ৰীমা দাসে।বৰ্তমানেও দুখন ছবিৰ কামত ব্যস্ত হৈ আছে ৰীমা দাস । ছয়গাঁও অঞ্চলৰ আশে পাশে ৰীমা দাসে ছবিৰ শ্বুটিং কৰাত ব্যস্ত হৈ পৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
