
বঙাইগাঁও, ২৪ জুন (হি.স.): বঙাইগাঁৱত জি আৰ পিৰ জালত পৰিছে দুই বাংলাদেশী। যোৱা কালি নিশা নিউ বঙাইগাঁও জংচনত মহম্মদ গোলাম ৰাবাঞ্চ আৰু আশাৰুল ইছলাম নামৰ বাংলাদেশী দুটাক আটক কৰা হয়।
উল্লেখ্য় যে মেঘালয় হৈ অসমত প্ৰৱেশ কৰি মুম্বাইলৈ যোৱাৰ পৰিকল্পনা কৰিছিল বাংলাদেশী দুটাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
